তুৰস্কৰ ৰাজধানী আংকাৰাত ভয়ংকৰ বিস্ফোৰণ!

দুটা আত্মঘাটী বোমাৰুৱে সংঘটিত কৰিছিল এই আক্ৰমণ

ইণ্টাৰনেচনেল ডেস্ক:

তুৰস্কৰ ৰাজধানী আংকাৰাত ভয়ংকৰ বিস্ফোৰণ।দেওবাৰে পুৱা ৯:৩০ বজাত সাংসদ আৰু মন্ত্ৰীসকলৰ ভৱনৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় দুজন আৰক্ষী বিষয়া। আত্মঘাতী বোমাৰুৱে এই বিস্ফোৰণ সংঘটিত কৰা বুলি তুৰস্কৰ অভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰীয়ে সদৰি কৰে। বিস্ফোৰণৰ পিছতে বন্দুকৰ গুলীৰ শব্দ শুনা পোৱা যায়।

খবৰ মতে, দুটা আত্মঘাটী বোমাৰুৱে সংঘটিত কৰিছিল এই আক্ৰমণ। ইয়াৰে এটা সন্ত্রাসবাদীৰ বিস্ফোৰণত মৃত্যু হোৱাৰ বিপৰীতে আনটোক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে। মনকৰিবলগীয়া যে, গ্ৰীষ্মকালীন বন্ধৰ পিছত সংসদ পুনৰ মুকলি হোৱাৰ কেইঘণ্টামান পূৰ্বে সংঘটিত হয় এই আক্ৰমণ।।

You might also like
Leave A Reply

Your email address will not be published.