আজি ১ এপ্ৰিল

▶️আজি এপ্ৰিল ফুল ডে’।
▶️আজি ইৰানৰ ৰাষ্ট্ৰীয় দিৱস।
▶️আজি উৰিষ্যা দিৱস।
▶️১৫৭৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ চিকিৎসা বিজ্ঞানী,ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম হাৰ্ভেৰ জন্ম হৈছিল।
▶️১৮১৫ চনৰ এই দিনটোতেই জাৰ্মানীৰ প্ৰাক্তন ৰাষ্ট্ৰনায়ক অটো ভন বিছমাৰ্কৰ জন্ম হৈছিল।
▶️১৮৬৯ চনৰ আজিৰ দিনটোতেই আঢ়ৈ কোটি টকাৰ বাজেট ঘাটি পূৰাবলৈ ভাৰতত প্ৰথমবাৰৰ বাবে আয়কৰৰ প্ৰচলন।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাজধানী আনুষ্ঠানিকভাৱে কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ।
▶️১৯২৭ চনৰ আজিৰ দিনটোতেই সাহিত্যিক যোগেশ দাসৰ জন্ম হৈছিল।
▶️১৯৩৫ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ জন্ম হৈছিল। আনুষ্ঠানিক প্ৰমাণ পত্ৰৰ হিচাপত তৰুণ গগৈৰ এইটো জন্মদিন হ’লেও প্ৰকৃততে ১৯৩৫ চনৰ ১১ অক্টোবৰতহে তেওঁৰ জন্ম হৈছিল।
▶️১৯৩৭ চনৰ আজিৰ দিনটোতেই ব্ৰহ্মদেশ (ম্যানমাৰ) ভাৰতৰ পৰা পৃথক হৈছিল।
▶️১৯৩৭ চনৰ এই দিনটোতেই অসম লোকসেৱা আয়োগৰ প্ৰতিষ্ঠা।
▶️১৯৩৭ চনৰ আজিৰ দিনটোতেই ভাৰতত প্ৰাদেশিক স্বায়ত্বশাসনৰ সূচনা হৈছিল। অধিকাংশ প্ৰদেশতেই কংগ্ৰেছৰ মন্ত্ৰীসভা গঠন। অসমত ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাৰ নেতৃত্বত মন্ত্ৰীসভা গঠন। ছাদুল্লাই তিনিটা কাৰ্যকালৰ বাবে (১৯৩৭-৩৮,১৯৩৯-৪১ আৰু ১৯৪২-৪৩) মন্ত্ৰীসভা গঠন কৰিছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই ভাৰতত প্ৰথমবাৰৰ বাবে নয়া পইচাৰ প্ৰচলন আৰম্ভ হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই দেশজুৰি মেট্ৰিক পদ্ধতিৰ জোখ-মাখ ব্যৱস্থা আৰম্ভ হৈছিল।
▶️১৯৬৯ চনৰ আজিৰ দিনটোতেই মুম্বাইৰ ওচৰৰ তাৰাপুৰত ভাৰতৰ প্ৰথমটো নিউক্লীয় শক্তিকেন্দ্ৰ মুকলি।
▶️১৯৭৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ টেলিভিছন সেৱাক ৰেডিঅ’ সেৱাৰ পৰা পৃথক কৰি ৰাখিবৰ বাবে টেলিভিছন সেৱাৰ এক সুকীয়া নিগম গঠন। এই নিগমৰ নাম ৰখা হৈছিল দূৰদৰ্শন।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই পাকিস্তানত জুলফিকৰ আলী ভূট্টোৰ ফাঁচি।
▶️১৯৯৯ চনৰ এই দিনটোতেই ১৯৯৯-২০০০ বৰ্ষক ‘গ্ৰাম সেৱা বৰ্ষ’ ৰূপে ঘোষণা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় মূলৰ ভাৰত জগদেউ গিয়েনাৰ ৰাষ্ট্ৰপতি ৰূপে নিযুক্ত।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই দেশজুৰি মূল্য সংযোজিত কৰ বা ভেল্যু এডেড টেক্স (VAT)ৰ প্ৰচলন আৰম্ভ। দেশজুৰি ব্যৱসায়ী মহলৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ।।

You might also like
Leave A Reply

Your email address will not be published.