➡️১৭১৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুইৰ মৃত্যু হৈছিল।
➡️ভূ-দান আন্দোলনৰ নেতা ৱিনোৱা ভাৱেৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১ ছেপ্তেম্বৰত।
➡️ ১৯২৩ চনৰ ১ ছেপ্তেম্বৰত জাপানত প্ৰবল ভূমিকম্প হৈছিল । এই ভূমিকম্পত প্ৰায় ১,৪৩,০০০ লোকৰ মৃত্যু হৈছিল ।
➡️ ১৯৪২ চনৰ আজিৰ দিনটোতে ৰাসবিহাৰী বসুৰ উদ্যোগত ইণ্ডিয়ান নেচনেল আৰ্মীয়ে (পিছলৈ আজাদ হিন্দ ফৌজ) প্ৰতিষ্ঠা লাভ কৰিছিল।
➡️ ভাৰতীয় মান সময় (Indian standard time) সংক্ষেপে IST প্ৰৱৰ্তন কৰা হৈছিল ১৯৪৭ চনৰ ১ ছেপ্তেম্বৰত।
➡️১৯৫০ চনৰ ১ ছেপ্তেম্বৰত প্ৰসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ মৃত্যু হৈছিল। ‘পথেৰ পাঁচালি’ তেওঁৰ স্মৰণীয় সৃষ্টি।
➡️১৯৫৬ চনৰ আজিৰ দিনটোতে জীৱন বীমা নিগম গঠন কৰা হৈছিল।
➡️১৯৯৭ চনৰ ১ ছেপ্তেম্বৰত লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) শ্ৰীনিৱাস কুমাৰ সিনহাই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ২০০৩ চনৰ ২৯ মে’লৈকে তেওঁ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️২০০২ চনৰ ১ ছেপ্তেম্বৰত নাট্যকাৰ-পৰিচালক বি ভি কাৰান্থৰ মৃত্যু হৈছিল ।
➡️অসম ৰাজ্যিক পথ পৰিবহণ নিগমৰ উদ্যোগত দ্ৰুতবেগী ভলভো বাছসেৱাৰ পৰীক্ষামূলক যাত্ৰা আৰম্ভ হৈছিল ২০০৪ চনৰ আজিৰ দিনটোতে।
➡️২০০৪ চনৰ ১ ছেপ্তেম্বৰত আত্মঘাতী চেচেন বিদ্ৰোহীৰ দ্বাৰা ৰাছিয়াৰ বেছলান চহৰৰ এখন স্কুলত দুশ ছাত্ৰ-ছাত্ৰীসহ চাৰিশজনক পণবন্দী কৰা হৈছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১ ছেপ্তেম্বৰ
Prev Post
Next Post
You might also like