আজি ২০ জুলাই

➡️আজিৰ দিনটো কলম্বিয়াৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৩০৪ চনৰ এই দিনটোতে ইটালীৰ কবি, পণ্ডিত পেট্ৰাৰ্কৰ জন্ম হৈছিল।
➡️১৯৫০ চনৰ ২০ জুলাই তাৰিখে ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম হৈছিল।
➡️১৮৯৮ চনৰ আজিৰ দিনটোতে সংস্কৃত পণ্ডিত আৰু ভাষাতাত্ত্বিক কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল।
➡️১৯১৯ চনৰ এই দিনটোতে প্ৰখ্যাত পৰ্বতাৰোহী এডমাণ্ড হিলাৰীৰ নিউজীলেণ্ডৰ অকলেণ্ডত জন্ম হৈছিল। টেনজিং নৰ্গেৰ লগত তেওঁ প্ৰথম এভাৰেষ্ট জয় কৰিছিল।
➡️১৯৩৭ চনৰ ২০ জুলাই তাৰিখে ইটালীৰ পদাৰ্থবিদ, অনাতাঁৰৰ উদ্ভাৱক গুগ্লিয়েলমো মাৰ্কনীৰ মৃত্যু হৈছিল।
➡️১৯৫১ চনৰ আজিৰ দিনটোতে জৰ্ডানৰ ৰজা আব্দুল্লা আততায়ীৰ হাতত নিহত হৈছিল।
➡️১৮৬৭ চনৰ এই দিনটোতে ছুইডেনৰ কবি এৰিক এক্সেল কাৰ্লফেল্টৰ জন্ম হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.