আজি ২১ ডিচেম্বৰ

➡️১৮৭৯ ছোভিয়েট ৰাষ্ট্রনায়ক যোছেফ ষ্টেলিনৰ জন্ম।
➡️১৯০৯ ৰবাৰ্ট পিয়েৰীয়েই উত্তৰ মেৰুত পদার্পণ কৰা প্ৰথম ব্যক্তি – ডেনমার্কৰ কোপেনহেগেন বিশ্ববিদ্যালয় কমিটীৰ ঘোষণা।
➡️১৯৫২ ছইফুদ্দিন কিচলুলৈ ৰাছিয়াৰ লেনিন শান্তি পুৰস্কাৰ। এই বঁটা লাভ কৰা তেৱেঁই প্রথম ভাৰতীয়।

➡️১৯৮৮ ভাৰতীয় অভিযাত্রী দলৰ সদস্য ৰূপে ৰাঘৱ চন্দ্ৰ ডেকাৰ এন্টার্কটিকালৈ যাত্রা। এন্টার্কটিকালৈ যোৱা ডেকাই হ’ল প্রথম অসমীয়া। দলটোৱে ২৫ নৱেম্বৰত গোৱাৰ পৰা যাত্রা আৰম্ভ কৰি ২১ ডিচেম্বৰৰ দিনৰ ১.৩০ বজাত এন্টার্কটিকাত উপস্থিত হয়।
➡️২০০২ ‘মহৎ ঐতিহ্য’ গ্রন্থৰ বাবে নলিনীধৰ ভট্টাচাৰ্যলৈ সাহিত্য অকাডেমী বঁটা ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.