জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ!

ৰাজ্যখনৰ ৰাজৌৰী ছেক্টৰত সংঘটিত হয় এই আক্ৰমণ

নেচনেল ডেস্ক:

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। ৰাজ্যখনৰ ৰাজৌৰী ছেক্টৰত সংঘটিত হয় এই আক্ৰমণ। খবৰ মতে, দুখন সামৰিক বাহনক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ ফলত নিহত হয় সেনাবাহিনীৰ কমেও তিনিজন জোৱান। আনহাতে আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিজন লোক। থানামাণ্ডিৰ এটা সাধাৰণ এলেকা ডি কে জি (ডেৰা কি গালি)ত সৈন্যই কৰ্মস্থালীলৈ যোৱাৰ সময়তে সংঘটিত হয় ঘটনাটো। খবৰ মতে, বিয়লি ৩:৪৫ বজাত সংঘটিত হয় এই আক্ৰমণ।।

You might also like
Leave A Reply

Your email address will not be published.