আজি ২২ ডিচেম্বৰ

➡️বছৰৰ আটাইতকৈ চুটি দিন।
➡️১৮৮০ ইংৰাজ মহিলা ঔপন্যাসিক জর্জ এলিয়টৰ মৃত্যু।
➡️১৮৮২ ইবছেনৰ প্ৰসিদ্ধ নাটক ‘এন এনিমী অব দা পিপল’ৰ প্রকাশ।
➡️১৮৮৭ প্রসিদ্ধ গণিতজ্ঞ শ্রীনিবাস ৰামানুজমৰ জন্ম।
➡️১৯০১ পশ্চিমবংগৰ বোলপুৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ব্ৰহ্মচর্যাশ্রম আনুষ্ঠানিকভাৱে মুকলি। এই প্রতিষ্ঠানেই পিছলৈ বিশ্বভাৰতী বিশ্ববিদ্যালয় হৈ উঠে।
➡️১৯৪৪ ভিয়েটনাম পিপুলছ পাটী প্রতিষ্ঠা।
➡️১৯৮৯ আইৰিছ ঔপন্যাসিক তথা নাট্যকাৰ ছেমুৱেল বেকেটৰ মৃত্যু। ১৯৬৯ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৯২ পঞ্চায়তীৰাজ আৰু নগৰপালিকা আইন বলবৎ
➡️১৯৯৫ হাৰিয়ানাৰ এখন স্কুলৰ বাৰ্ষিক অনুষ্ঠানত বিদ্যুতৰ বিজুতিৰ পৰিণতিত ভয়াৱহ অগ্নিকাণ্ড; প্রায় চাৰিশ লোক নিহত। ইয়াৰে অধিকাংশই শিশু।
➡️২০০০ ‘বাঘে টাপুৰ ৰাতি’ গ্রন্থৰ বাবে অপূৰ্ব শৰ্মালৈ সাহিত্য অকাডেমী বঁটা ঘোষণা।
➡️২০০১ অসমৰ প্রথিতযশা সাহিত্যিক মহিম বৰালৈ তেওঁৰ ‘এধানি মাহীৰ হাঁহি’ নামৰ উপন্যাসৰ বাবে ২০০১ চনৰ সাহিত্য অকাডেমী বঁটা ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.