আজি ২১ নৱেম্বৰ

➡ ১৬৯৪ চনৰ আজিৰ দিনটোতে ফৰাচী সাহিত্যিক, দাৰ্শনিক ভল্টেয়াৰৰ জন্ম হৈছিল।

➡ ১৭৮৫ চনৰ ২১ নৱেম্বৰত মাৰ্কিন শল্যবিদ তথা মানৱ দেহৰ পাচন ক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম বোমান্টৰ জন্ম হৈছিল।

➡ বৰ্ষীয়ান সাহিত্যিক নিৰোদ চি চৌধুৰীৰ জন্ম হৈছিল ১৮৯৭ চনৰ আজিৰ দিনটোতে।

➡ ১৯২১ চনৰ ২১ নৱেম্বৰত প্ৰিন্স অব ৱেলছে (পিছলৈ ৰজা অষ্টম এডৱাৰ্ড) ভাৰতৰ মুম্বাইত অৱতৰণ কৰিছিল। ইয়াৰ প্ৰতিবাদত কংগ্ৰেছৰ আহ্বানত দেশব্যাপী হৰতাল পালন কৰা হৈছিল।

➡ ১৯৪৬ চনৰ আজিৰ দিনটোতে মীৰাটত কংগ্ৰেছৰ চাৰিদিনীয়াকৈ ৫৪তম বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল। এই অধিৱেশনত সভাপতিত্ব কৰে আচাৰ্য জে বি কৃপালিনীয়ে।

➡ ১৯৪৭ চনৰ ২১ নৱেম্বৰত স্বাধীন ভাৰতত প্ৰথম ডাকটিকটৰ প্ৰচলন হৈছিল। সেই সময়ত এটা ডাকটিকটৰ মূল্য আছিল চাৰে তিনি অনা।

➡ ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰত আক্ৰমণ কৰা চীনা সৈন্যই চীনলৈ ওভতনি যাত্ৰা কৰিছিল। ইয়াৰ আগতে এই বছৰৰে ২০ অক্টোবৰত চীনে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আক্ৰমণ কৰিছিল। ভাৰতৰ পক্ষে এই আক্ৰমণ প্ৰতিৰোধ কৰা কঠিন হৈ পৰিছিল। পিছত চীনে যুদ্ধবিৰতি ঘোষণা কৰিছিল আৰু এই দিনটোতে চীনা সৈন্য উভতি গৈছিল।

➡ ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সূচনা হৈছিল ১৯৬৩ চনৰ ২১ নৱেম্বৰত। থুম্বা বিষুৱীয়া ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ পৰা প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল।

➡ ১৯৭০ চনৰ আজিৰ দিনটোতে নোবেল জয়ী পদাৰ্থ-বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ মৃত্যু হৈছিল।

➡ ১৯৮১ চনৰ ২১ নৱেম্বৰত গল্পকাৰ ৰমা দাশৰ মৃত্যু হৈছিল।

➡ ভাৰতৰ‘ইন্দিৰা বিকাশ পত্ৰ’ৰ প্ৰচলন আৰম্ভ হৈছিল ১৯৮৬ চনৰ আজিৰ দিনটোতে।

➡ ২০০৪ চনৰ ২১ নৱেম্বৰত দিছপুৰত অসমৰ স্থায়ী ৰাজধানী উদ্বোধন কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.