আজি ২১ ফেব্ৰুৱাৰী

➡️এই দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়।
➡️১৪৩১ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে ফৰাচী দেশপ্ৰেমিক, জাতীয় বিৰাংগণা জোৱান অব আৰ্কক ডাইনী আখ্যা দি ইংৰাজৰ বিচাৰ।
➡️১৬৭৭ চনৰ আজিৰ দিনটোতে সপ্তদশ শতিকাৰ বিশিষ্ট যুক্তিবাদী দাৰ্শনিক বেনেডিক্ট ডে স্পিনোজাৰ মৃত্যু হৈছিল।
➡️১৮০৪ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ যন্ত্ৰবিদ ৰিচাৰ্ড ট্ৰেভিথিকে নিৰ্মাণ কৰা ভাপ চালিত ৰে’লৰ প্ৰথম যাত্ৰা। ট্ৰেভিথিকৰ এই ৰে’লকে আধুনিক ৰে’লগাড়ীৰ প্ৰথম নমুনা আখ্যা দিয়া হয়।
➡️১৮৫২ চনৰ এই দিনটোতে ৰুছ সাহিত্যিক, নাট্যকাৰ নিকোলাই গগলৰ মৃত্যু হৈছিল।
➡️১৮৭৮ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ নিউ হাভেনত বিশ্বৰ প্ৰথমখন টেলিফোন ডাইৰেক্টৰী প্ৰকাশ পাইছিল। এইখন ডাইৰেক্টৰীত ৫০ জন গ্ৰাহকৰ নাম সন্নিবিষ্ট কৰা হৈছিল।
➡️১৯১৬ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে ফ্ৰান্সৰ ভাৰ্দুনত প্ৰথম মহাসমৰৰ মাজতে মিত্ৰপক্ষ আৰু জাৰ্মানীৰ মাজত ভয়াৱহ যুদ্ধ হৈছিল। ১৬ ডিচেম্বৰলৈকে চলা এই যুদ্ধ ইতিহাসৰ আটাইতকৈ বেছি জনক্ষয়ী যুদ্ধবোৰৰ এখন ৰূপে পৰিগণিত হৈছিল। এই যুদ্ধত ৪,০০,০০০ মিত্ৰপক্ষৰ সৈন্য আৰু ৩,৫০,০০০ জাৰ্মান সৈন্যৰ মৃত্যু হয়।
➡️১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধানৰ খচৰা দাখিল কৰা হৈছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন বলবৎ হয়। সেইদিনাৰ পৰা ভাৰতো এখন গণতন্ত্ৰ ৰূপে পৰিগণিত হয়।
➡️১৯৫৯ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে দিল্লীত প্ৰেছ ক্লাব অব ইণ্ডিয়া গঠন কৰা হৈছিল।
➡️১৯৭২ চনৰ এই দিনটোতে মাৰ্কিন ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ চীন ভ্ৰমণ। চীনলৈ যোৱা নিক্সনেই হ’ল প্ৰথম মাৰ্কিন ৰাষ্ট্ৰপতি।
➡️২০০০ চনৰ আজিৰ দিনটোতে নিৰুপমা ফুকনলৈ অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা ঘোষণা কৰা হৈছিল।
➡️২০০৫ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে প্ৰসিদ্ধ সংগীতজ্ঞ এ আৰ ৰহমানক ২০০৫ চনৰ ‘লতা মংগেশকাৰ সন্মান’ প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.