আজি ২১ মে’

➡️আজিৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়।
➡️১৬৮৮ চনৰ এই দিনটোতে ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ জন্ম হৈছিল।
➡️১৮১৯ চনৰ ২১ মে’ তাৰিখে আমেৰিকাৰ নিউয়ৰ্কত প্ৰথম বাইচাইকেলৰ প্ৰচলন হৈছিল।
➡️১৮৮৫ চনৰ আজিৰ দিনটোতে ৰাজনীতিবিদ চৈয়দ মহম্মদ ছাদুল্লাৰ গুৱাহাটীত জন্ম হৈছিল। ছাদুল্লাই ১৯৩৭ চনৰ পৰা ১৯৪১ চনলৈ অসমৰ মুখ্যমন্ত্ৰীৰূপে (তেতিয়াৰ প্ৰধানমন্ত্ৰী) কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯২২ চনৰ এই দিনটোতে মাৰ্কিন নাট্যকাৰ ইউজিন অ’নীলক তেওঁৰ ‘আনা ক্ৰিষ্টি’ নাটকৰ বাবে পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছিল।
➡️১৯৯১ চনৰ ২১ মে’ তাৰিখে তামিলনাডুৰ শ্ৰীপেৰাম্বুদুৰৰ এখন নিৰ্বাচনী সভাত এগৰাকী আত্মঘাতী বোমাৰুৰ আক্ৰমণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে মেনিলাত অনুষ্ঠিত বিশ্বসুন্দৰী প্ৰতিযোগিতাত ভাৰতৰ সুস্মিতা সেনৰ ‘মিছ ইউনিভাৰ্ছ’ খিতাপ অৰ্জন।।

You might also like
Leave A Reply

Your email address will not be published.