আজি ২২ নৱেম্বৰ

➡ ১৭৭৪ চনৰ আজিৰ দিনটোতে ইংৰাজ সৈনিক, পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ মৃত্যু হৈছিল।

➡ ১৮৬৯ চনৰ ২২ নৱেম্বৰত নোবেল জয়ী ফৰাচী ঔপন্যাসিক আন্দ্ৰে পল গুইল্লোম জিদৰ জন্ম হৈছিল।

➡ ইবছেনৰ প্ৰসিদ্ধ নাটক ‘এন এনিমী অব দা পিপুল’ প্ৰকাশিত হৈছিল ১৮৮২ চনৰ আজিৰ দিনটোতে।

➡ ১৮৯২ চনৰ ২২ নৱেম্বৰত ভাৰতপ্ৰেমী ইংৰাজ মীৰা বেনৰ (মেডেলিন শ্লাভে) ইংলেণ্ডত জন্ম হৈছিল। ১৯২৫ চনৰ ৬ নৱেম্বৰত তেওঁ ভাৰতলৈ আহে আৰু ক্ৰমে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। ১৯৫৯ চনৰ ১৮ জানুৱাৰীত তেওঁ ভাৰত ত্যাগ কৰে আৰু জীৱনৰ বাকীছোৱা সময় ভিয়েটনামৰ ওচৰৰ এখন গাৱঁত কটায়।

➡ ১৯৪৪ চনৰ ২২ নৱেম্বৰত লেবাননে স্বাধীনতা লাভ কৰিছিল।

➡ ১৯৬৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জন ফিৎজাৰেল্ড কেনেডীৰ মৃত্যু হৈছিল।

➡ ১৯৮৭ চনৰ ২২ নৱেম্বৰত লোক-সংগীতজ্ঞ হেমাংগ বিশ্বাসৰ মৃত্যু হৈছিল।

➡ ভাৰতৰ নৱম লোকসভা নিৰ্বাচন আৰম্ভ হৈছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে। এই নিৰ্বাচন ২৬ নৱেম্বৰলৈকে চলিছিল।

➡ ১৯৯১ চনৰ ২২ নৱেম্বৰত ইজিপ্টৰ বৌট্ৰছ ঘালী ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান হৈছিল। ৰাষ্ট্ৰসংঘৰ সচিব পদত অধিষ্ঠিত হোৱা ঘালীয়েই প্ৰথম আফ্ৰিকাৰ প্ৰতিনিধি।

➡ ২০০১ চনৰ আজিৰ দিনটোতে নৰ্দান এলায়েন্সৰ হাতত তালিবানে আত্মসমৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

➡ ২০০৪ চনৰ ২২ নৱেম্বৰত গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে ইণ্ডো-আচিয়ান কাৰ ৰেলী উদ্বোধন কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.