▶️১৬২৩ চনৰ এই দিনটোতেই হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা তুলসী দাসৰ মৃত্যু।
▶️১৭৬৪ চনৰ আজিৰ দিনটোতেই বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত মীৰকাছিমৰ পৰাজয়।
▶️১৯১৫ চনৰ এই দিনটোতেই ৰাজনীতিবিদ, সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ জন্ম হৈছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ মৃত্যু।
▶️১৯৪০ চনৰ এই দিনটোতেই ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল কিংবদন্তি পেলেৰ জন্ম হৈছিল।
▶️১৯৪৩ চনৰ এই দিনটোতেই ছিংগাপুৰত আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী ‘ঝান্সি ব্ৰিগেড’ৰ প্ৰতিষ্ঠা হৈছিল।
▶️১৯৪৩ চনৰ এই দিনটোতেই আজাদ হিন্দ চৰকাৰৰ ব্ৰিটেইন আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ঔপন্যাসিক অৰবিন্দ আদিগাৰ জন্ম।
▶️১৯৮৬ চনৰ এই দিনটোতেই পণ্ডিত তীৰ্থনাথ শৰ্মাৰ দেহাৱসান।
▶️১৯৯০ চনৰ এই দিনটোতেই সোমনাথৰ পৰা অযোধ্যালৈ ৰথযাত্ৰা পৰিচালনাৰ অন্যতম নায়ক ভাৰতীয় জনতা পাৰ্টীৰ তদানীন্তন সভাপতি লালকৃষ্ণ আদৱানিক ভাৰতীয় নিৰাপত্তা আইনৰ অধীনত বিহাৰত গ্ৰেপ্তাৰ কৰা হৈছিল। বিভিন্ন ৰাজনৈতিক দল আৰু ভাৰত চৰকাৰৰ আবেদন উপেক্ষা কৰি আদৱানিয়ে এই ৰথযাত্ৰাৰ আয়োজন কৰিছিল। আদৱানিৰ গ্ৰেপ্তাৰৰ পাছতে বিজেপিয়ে কেন্দ্ৰৰ মৰ্চা চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰে,যাৰ ফলত সংকটৰ সন্মুখীন হ’ব লগা হয় তেতিয়াৰ বিশ্বনাথ প্ৰতাপ সিং চৰকাৰ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৩ অক্টোবৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like