আজি ২৩ মে’

➡️১৭০৩ চনৰ আজিৰ দিনটোতে ছুইডিছ উদ্ভিদ-বিজ্ঞানী কেৰোলাছ লিনিয়াছৰ জন্ম হৈছিল। জীৱজগতৰ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়োৱা আৰু ‘দ্বি-ৰাশিক বা দ্বি-পদ নামাকৰণ’ৰ সূচনা কৰাৰ বাবে লিনিয়াছ বিখ্যাত।
➡️১৭৮৫ চনৰ এই দিনটোতে মাৰ্কিন ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনৰ বাই-ফ’কেল চছমাৰ আৱিষ্কাৰ। এই দিনটোতে ফ্ৰেংকলিনে তেওঁৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে।
➡️১৮৪৮ চনৰ ২৩ মে’ তাৰিখে উৰাজাহাজৰ নিৰ্মাণ আৰু বিকাশৰ অন্যতম বাটকটীয়া অটো লিলিয়েনথালৰ জন্ম হৈছিল।
➡️১৮৯১ চনৰ আজিৰ দিনটোতে ছুইডেনৰ নোবেল জয়ী সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ জন্ম হৈছিল। তেওঁ ১৯৫১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯০০ চনৰ এই দিনটোতে নিউয়ৰ্কত প্ৰসিদ্ধ সংবাদ সংস্থা এছোচিয়েট প্ৰেছ (AP) প্ৰতিষ্ঠা হৈছিল।
➡️১৯০৬ চনৰ ২৩ মে’ তাৰিখে নৰৱেৰ নাট্যকাৰ হেনৰিক যোহান ইবছেনৰ ৭৮ বছৰ বয়সত মৃত্যু …

 

You might also like
Leave A Reply

Your email address will not be published.