আজি ২৪ আগষ্ট

➡️১৬৯০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পূব ভাৰতৰ বাণিজ্যিক অধিকৰ্তা জব চীৰ্নকৰ কলকাতাত পদাৰ্পণ আৰু বসতি স্থাপন। এই দিনটোক কলকাতা চহৰৰ প্ৰতিষ্ঠা দিৱস ৰূপে গণ্য কৰা হয়।
➡️১৮১৯ চনৰ ২৪ আগষ্টত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল ।
➡️ জীৱবিজ্ঞানী আলবেয়াৰ ক্লডৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৪ আগষ্টত। ১৯৭৪ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।
➡️ ১৯২৫ চনৰ ২৪ আগষ্টত স্বাধীনতা সংগ্ৰামী আৰ জি বন্দৰকৰৰ মৃত্যু হৈছিল ।
➡️১৯৬৯ চনৰ আজিৰ দিনটোতে বৰাহগিৰি ভেংকটগিৰি ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। ১৯৭৪ চনৰ ২৪ আগষ্টলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️ ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল ১৯৭৪ চনৰ ২৪ আগষ্টত। ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।
➡️ মাৰ্কিন মহাকাশযান ভয়েজাৰে নেপচুন অতিক্ৰম কৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে।
➡️ ২০০০ চনৰ ২৪ আগষ্টত সংগীতজ্ঞ কল্যাণজী বীৰশ্বাহৰ (কল্যানজী-আনন্দজীখ্যাত) মৃত্যু হৈছিল।
➡️ ২০০২ চনৰ আজিৰ দিনটোতে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ধুমুহাত তিনি শতাধিকৰ ঘৰ বিধ্বস্ত হৈছিল।
➡️ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পত্নী তথা সমাজসেৱিকা সুৰবালা বৰদলৈৰ মৃত্যু হৈছিল ২০০৪ চনৰ ২৪ আগষ্টত।।

You might also like
Leave A Reply

Your email address will not be published.