▶️১৫৫৬ চনৰ এই দিনটোতেই চীনত প্ৰবল ভূমিকম্পত প্ৰায় ৮ লাখ ৩০ হেজাৰ লোকৰ মৃত্যু হৈছিল।
▶️১৭১২ চনৰ আজিৰ দিনটোতেই প্ৰুছিয়াৰ ৰজা ফ্ৰেডেৰিক দি গ্ৰেট(দ্বিতীয় ফ্ৰেডেৰিক)ৰ জন্ম হৈছিল।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই ‘জন-গণ-মন’ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত (National Anthem)ৰূপে স্বীকৃতি প্ৰদান। একেদৰে ‘বন্দে মাতৰম’ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত(National Song)ৰ সমমৰ্যাদাসম্পন্ন গীত ৰূপে স্বীকৃতি দিয়া হয়।
▶️১৯৫১ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথমগৰাকী মহিলা পাইলট ৰূপে প্ৰেম মাথুৰৰ কাৰ্যভাৰ গ্ৰহণ।
▶️১৯৫২ চনৰ এই দিনটোতেই মুম্বাইত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছিল।
▶️১৯৫৪ চনৰ এই দিনটোতেই সাহিত্যিক কালিৰাম মেধিৰ মৃত্যু হৈছিল।
▶️১৯৬৫ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী,ৰাজনীতিবিদ, সাহিত্যিক ছাৰ উইনষ্টন চাৰ্চিল( সম্পূৰ্ণ নাম উইনষ্টন লিঅ’নাৰ্ড স্পেন্সাৰ চাৰ্চিল)ৰ মৃত্যু হৈছিল। দুবাৰকৈ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ উপৰি ১৯৫৩ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯৬৬ ইন্দিৰা গান্ধী প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। প্ৰথমটো কাৰ্যকালত ইন্দিৰা গান্ধীয়ে ১৯৭৭ চনৰ ২৪ মাৰ্চলৈকে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী।
▶️১৯৬৬ চনৰ এই দিনটোতেই ভাৰতৰ বিজ্ঞানী হোমী জাহাংগীৰ ভাবাৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই লো আৰু তীখা শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে ‘ষ্টীল অথৰিটী অৱ ইণ্ডিয়া লিমিটেড’,সংক্ষেপে ছেইল (SAIL) প্ৰতিষ্ঠা হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই লতা মংগেশকাৰ আৰু বিছমিল্লা খানক ‘ভাৰতৰত্ন’ সন্মান প্ৰদান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন জনোৱাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল দ্বি-বিভক্ত হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৪ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like