➡️আজিৰ দিনটো এৰিট্ৰিয়াৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৫৪৩ চনৰ এই দিনটোতে পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, আধুনিক জ্যোতিৰ্বিজ্ঞানৰ প্ৰতিষ্ঠাতা নিক’লাছ ক’পাৰনিকাছৰ মৃত্যু হৈছিল। মৃত্যুৰ আগে আগে তেওঁৰ ‘অন দ্য ৰিভলিউচনছ অব দা চেলেষ্টিয়েল স্কেয়াৰছ’ শীৰ্ষক প্ৰসিদ্ধ গ্ৰন্থখন প্ৰকাশ হয়। এই গ্ৰন্থখনৰ জৰিয়তে ক’পাৰনিকাছে প্ৰমান কৰি দিবলৈ বিচাৰিছিল যে সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ।
➡️১৬৮৬ চনৰ ২৪ মে’ তাৰিখে জাৰ্মান পদাৰ্থ-বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ জন্ম হৈছিল।
➡️১৮৪৪ চনৰ আজিৰ দিনটোতে মাৰ্কিন বিজ্ঞানী ছেমুৱেল মৰ্ছৰ বিশ্বৰ প্ৰথমটো টেলিগ্ৰাফিক বাৰ্তা প্ৰেৰণ। আমেৰিকাৰ ৱাশ্বিংটনৰ ৰাজধানী ভৱনৰ পৰা ৪০ কিলোমিটাৰ দূৰৈৰ বাল্টিমোৰলৈ মৰ্ছ কোডত প্ৰেৰণ কৰা এই প্ৰথম টেলিগ্ৰাফিক বাৰ্তাটো আছিল ‘ভগৱানে কি কাৰ্য সাধন কৰিলে?’
➡️১৮৭৫ চনৰ আজিৰ দিনটোতে চৈয়দ আহমদ খানৰ উদ্যোগত আলিগড় মুছলিম বিদ্যালয় স্থাপন কৰা হৈছিল।
➡️১৯০৫ চনৰ এই দিনটোতে ৰাছিয়াৰ নোবেল জয়ী ঔপন্যাসিক মিখাইল ছলোকভৰ জন্ম হৈছিল। এওঁ ১৯৬৫ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৬ চনৰ ২৪ মে’ তাৰিখে গৌতম বুদ্ধৰ ২,৫০০ বছৰীয়া জন্ম দিৱস উদযাপন কৰা হৈছিল।
➡️১৯৮৫ চনৰ এই দিনটোতে ঔপন্যাসিক কুমাৰ কিশোৰৰ মৃত্যু হৈছিল।
➡️১৯৯০ চনৰ ২৪ মে’ তাৰিখে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগড়েৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৪ মে’
Prev Post
Next Post
You might also like