▶️আজি এৰিট্ৰিয়াৰ স্বাধীনতা দিৱস।
▶️১৫৪৩ চনৰ আজিৰ দিনটোতেই পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, আধুনিক জ্যোতিৰ্বিজ্ঞানৰ প্ৰতিষ্ঠাতা নিক’লাছ কপাৰ্নিকাছৰ মৃত্যু ঘটিছিল। মৃত্যুৰ আগে আগে তেওঁৰ ‘অন দ্য ৰিভলিউচনছ অৱ দা চেলেষ্টিয়েল স্কেয়াৰ্ছ’ শীৰ্ষক প্ৰসিদ্ধ গ্ৰন্থখন প্ৰকাশ পাইছিল।এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ প্ৰমাণ কৰিব বিচাৰিছিল যে সূৰ্য্যহে সৌৰজগতৰ কেন্দ্ৰ।
▶️১৬৮৬ চনৰ এই দিনটোতেই জাৰ্মান পদাৰ্থ বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ জন্ম হৈছিল।
▶️১৮৪৪ চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী ছেমুৱেল মৰ্ছৰ বিশ্বৰ প্ৰথমটো টেলিগ্ৰাফিক বাৰ্তা প্ৰেৰণ। আমেৰিকাৰ ৱাশ্বিংটনৰ ৰাজধানী ভৱনৰ পৰা ৪০ কিলোমিটাৰ দূৰৈৰ বাল্টিমোৰলৈ মৰ্ছ কোডত প্ৰেৰণ কৰা এই প্ৰথম টেলিগ্ৰাফিক বাৰ্তাটো আছিল-What have God wrought?
▶️১৮৭৫ চনৰ এই দিনটোতেই চৈয়দ আহমদ খানৰ উদ্যোগত আলিগড় মুছলিম বিদ্যালয় স্থাপন। ১৮৭৮ চনত এই বিদ্যালয় মহাবিদ্যালয় হয় আৰু ১৯২০ চনত ই আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ উন্নীত হয়।
▶️১৯০৫ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ নোবেল জয়ী ঔপন্যাসিক মিখাইল ছলোকভৰ জন্ম হৈছিল। ১৯৬৫ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই গৌতম বুদ্ধৰ ২,৫০০ বছৰীয়া জন্ম দিৱস উদযাপন।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই ভাৰতত বৰআইৰ অন্তিমটো ঘটনা পঞ্জীকৰণ।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই ঔপন্যাসিক কুমাৰ কিশোৰৰ মৃত্যু ঘটিছিল।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই লোকসভাৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগড়েৰ মৃত্যু ঘটিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৪ মে’
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like