আজি ২৫ এপ্ৰিল

➡️১২৮৪ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডৰ জন্ম হৈছিল।
➡️১৭১৯ চনৰ ২৫ এপ্ৰিল তাৰিখে ইংৰাজ ঔপন্যাসিক ডেনিয়েল ডিফোৰ প্ৰসিদ্ধ গ্ৰন্থ ‘ৰবিনছন ক্ৰুছো’ৰ প্ৰথম প্ৰকাশ।
➡️১৭৪৪ চনৰ এই দিনটোতে ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াছৰ মৃত্যু হৈছিল।
➡️১৮২২ চনৰ আজিৰ দিনটোতে ইংৰাজ জ্যোতিৰ্বিজ্ঞানী উইলিয়াম হাৰ্ছেলৰ মৃত্যু হৈছিল। ১৭৮১ চনৰ ১৩ মাৰ্চত হাৰ্চেলে ইউৰেনাছ গ্ৰহ আৱিষ্কাৰ কৰিছিল।
➡️১৮৭৪ চনৰ ২৫ এপ্ৰিল তাৰিখে ইটালীৰ পদাৰ্থ-বিজ্ঞানী আৰু যন্ত্ৰবিদ গুল্লিয়েলমো মাৰ্কনীৰ জন্ম হৈছিল। অনাতাৰ পদ্ধতি আৱিষ্কাৰৰ বাবে তেওঁ ১৯০৯ চনত পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৮২ চনৰ এই দিনটোতে ভাৰতৰ চৰকাৰী টেলিভিছন সেৱা ‘দূৰদৰ্শন’ৰ ৰাষ্ট্ৰীয় ৰঙীন কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। এই কাৰ্যসূচীত প্ৰথম সম্প্ৰচাৰিত হয় সত্যজিত ৰায়ৰ হিন্দী ছবি ‘সদগতি’।
➡️১৯৯১ চনৰ ২৫ এপ্ৰিল তাৰিখে প্ৰখ্যাত ভাৰতীয় দৌৰবিদ পি টি ঊষাৰ প্ৰাক্তন কাবাদী খেলুৱৈ শ্ৰীনিৱাসনৰ লগত বিবাহ সম্পন্ন।।

You might also like
Leave A Reply

Your email address will not be published.