আজি ২৬ ছেপ্টেম্বৰ

▶️১৫৮০ চনৰ আজিৰ দিনটোতেই ইংৰাজ নৌ-অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকৰ পৃথিৱী পৰিক্ৰমা সম্পূৰ্ণ।
▶️১৮২০ চনৰ আজিৰ দিনটোতেই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হৈছিল।
▶️১৮৮৮ চনৰ এই দিনটোতেই মাৰ্কিন কবি-সমালোচক, নাট্যকাৰ টি এছ ইলিয়টৰ জন্ম হৈছিল।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ জন্ম হৈছিল।
▶️১৯৭৭ চনৰ এই দিনটোতেই আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্যশিল্পী উদয় শংকৰৰ মৃত্যু ঘটিছিল।
▶️১৯৭৯ চনৰ এই দিনটোতেই চৌধুৰী চৰণ সিঙক সভাপতি আৰু ৰাজ নাৰায়ণক কাৰ্য্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল ‘লোকদল’ৰ গঠন।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ মহিলা টেনিছ খেলুৱৈ ছেৰেণা উইলিয়ামছৰ জন্ম হৈছিল। ৯টা একক,৭টা মহিলা ডাবলছ আৰু দুটা মিক্সড ডাবলছ খিতাপেৰে তেওঁ মুঠ ১৮টা গ্ৰেণ্ড শ্লামৰ অধিকাৰী।মহিলাৰ ডাবলছত দুবাৰকৈ অলিম্পিকতো স্বৰ্ণ পদক অৰ্জন কৰিছিল ছেৰেণা উইলিয়ামছে।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই খ্যাতিসম্পন্ন কন্ঠশিল্পী তথা সুৰকাৰ হেমন্ত কুমাৰ মুখাৰ্জীৰ ৬৯ বছৰ বয়সত মৃত্যু।
▶️১৯৪২ চনৰ এই দিনটোতেই দেশৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন, পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বানিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ( Council of Scientific and Industrial Research) গঠন।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক খ্যাতিসম্পন্ন বেহেলাবাদক চাৰ্লছ মুংকৰ জন্ম হৈছিল।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ইটালীৰ প্ৰখ্যাত সাহিত্যিক আলবেয়াৰ মোৰাভিয়াৰ মৃত্যু ঘটিছিল। ‘টু ৱমেন’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।।

You might also like
Leave A Reply

Your email address will not be published.