জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ বৃহৎ সফল অভিযান

গ্ৰেপ্তাৰ চাৰিটাকৈ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ বৃহৎ সফল অভিযান। ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত গ্ৰেপ্তাৰ চাৰিটাকৈ সন্ত্ৰাসবাদী। বাডগাম জিলাৰ বেৰৱাহ অঞ্চলত বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হৈছে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীকেইটাক। ধৃত সন্ত্ৰাসবাদীকেইটা গণ্ডিপোৰা বীৰৱাহৰ মুস্তাক আহমদ ল’ন, চেউদাৰা বিয়েৰৱাহৰ আজহাৰ আহমদ মিৰ, আৰৱাহ বিয়েৰৱাহৰ ইৰফান আহমদ ছফী আৰু আব্ৰাৰ আহমদ মালিক।

সেনাবাহিনীৰ মতে ২৫-২৬ ছেপ্টেম্বৰৰ মাজ নিশা নিৰাপত্তাৰক্ষীৰ জালত পৰে সন্দেহযুক্ত সন্ত্ৰাসবাদীকেইটা। ধৃত সন্দেহযুক্ত সন্ত্ৰাসবাদীকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে তিনিটা পিষ্টলৰ লগতে আপত্তিজনক অন্যান্য সা-সামগ্ৰী। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.