আজি ২৬ ডিচেম্বৰ

➡️১৫৩০ চনৰ ২৬ ডিচেম্বৰ তাৰিখে ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ মৃত্যু হৈছিল।
➡️১৮৯৩ চনৰ আজিৰ দিনটোতে চীনৰ মুক্তি আন্দোলনৰ নেতা মাও-ছে-তুঙৰ জন্ম হৈছিল।
➡️১৯১৭ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ জন্ম হৈছিল। আদিতে ইয়াৰ নাম আছিল ‘সদৌ আসাম সাহিত্য সন্মিলনী’। ১৯২৪ চনৰ ৫মে’ত ই ‘আসাম সাহিত্য সভা’ হিচাপে পঞ্জীভুক্ত হয় আৰু ১৯৪৪ চনত সভাৰ নাম ‘অসম সাহিত্য সভা’ কৰা হয়। সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱা।
➡️১৯৭৬ চনৰ ২৬ ডিচেম্বৰ তাৰিখে সদৌ অসম নেপালী ছাত্ৰ সন্থাৰ জন্ম হৈছিল। প্ৰথম সভাপতি হৰ্ষ বাহাদুৰ চেত্ৰী, সম্পাদক বিনোদ খানাল। ২০০২ চনত তেজপুৰত বহা অধিৱেশনত সংগঠনটোৰ নাম সলনি কৰা হয়। নতুন নাম হয় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াৰ উত্তৰৰ (সুমাত্ৰা) সমুদ্ৰতলিত সংঘটিত এক প্ৰবল ভূমিকম্পত সাগৰত সৃষ্টি হোৱা ছুনামীৰ ফলত ইণ্ডোনেছিয়া, মালায়ছিয়া, থাইলেণ্ড, ম্যানমাৰ, ভাৰতৰ উপকূল অঞ্চল, শ্ৰীলংকা আৰু মালদ্বীপৰ বিস্তৰ ক্ষতি। প্ৰায় ১ লাখ ৮০ হাজাৰ লোকৰ মৃত্যু হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.