কাইলৈৰ পৰা ৰাজ্যত আকৌ নাইট কাৰ্ফিউ

কাইলৈৰ পৰা ৰাজ্যত পুনৰ নৈশ সান্ধ্য আইন। দেশত অ’মিক্ৰনৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ এই সজাগতামূলক পদক্ষেপ। নিশা ১১:৩০ বজাৰ পৰা পূৱা ৬ বজালৈ ৰাজ্যত সান্ধ্য আইন জাৰি।নিশা ১০:৩০ বজাত বন্ধ কৰিব লাগিব সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান। সভা-সমিতি,চিনেমা হল আদিত দুই পালি প্ৰতিষেধক গ্ৰহণ কৰা ৫০% লোকেৰেহে চলোৱাৰ অনুমতি।মাস্ক নিপিন্ধিলে,থু-পিক আদি ৰাজহুৱা স্থানত পেলালে ভৰিব লাগিব জৰিমনা।যাত্ৰীবাহী বাছত ঠিয় কৰোৱাই যাত্ৰী নিব নোৱাৰিব।দুই পালি প্ৰতিষেধক নোলোৱা সকলৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ দণ্ডাধীশক নিৰ্দেশ। ২৬ ডিচেম্বৰৰ পুৱা ৬ বজাৰ পৰা ৰাজ্যত নতুন SOP প্ৰযোজ্য হ’ব।অৱশ্যে নতুন বছৰ উদযাপনৰ বাবে ৩১ ডিচেম্বৰৰ দিনটো নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.