দেশত পুনৰ আৰম্ভ নৈশ সান্ধ্য আইন!

ভাৰতত অ’মিক্ৰন ভেৰিয়েন্টৰ ভয়ংকৰ সংক্ৰমণ। ইতিমধ্যে দেশত অ’মিক্ৰন ভেৰিয়েন্টত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৪১৫ লৈ। অ’মিক্ৰনৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি ৰাজ্য চৰকাৰ সমূহে লৈছে আংশিক সান্ধ্য আইনৰ পদক্ষেপ। গুজৰাট চৰকাৰে ২৫ তাৰিখৰ পৰা আংশিক সান্ধ্য আইন বলবৎ কৰিছে আহমেদাবাদকে ধৰি ৮ চহৰত। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলবৎ থাকিব সান্ধ্যআইন। ইফালে মহাৰাষ্ট্ৰ চৰকাৰেও লৈছে কঠোৰ ব্যৱস্থা। ৰাজহুৱা স্থানত নিশা ৯ বজাৰ পৰা পিছ দিনা পুৱা ৫ বজালৈ ৫ জনতকৈ অধিক লোক সমাবেত হ’ব নোৱাৰিব ৰাজহুৱা স্থানত। জিম, স্পা, হোটেল, থিয়েটাৰ আৰু চিনেমা হলত অনুমতি দিয়া হৈছে মাত্ৰ ৫০% লোককহে ।।

You might also like
Leave A Reply

Your email address will not be published.