আজি ২৮ আগষ্ট

➡️১৭৪৯ চনৰ আজিৰ দিনটোতে জাৰ্মান সাহিত্যিক যোহান উলফগেং ভন গ্যেটৰ জন্ম হৈছিল।
➡️২০০২ চনৰ ২৮ আগষ্টত দেশৰ ভিতৰত প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হৈছিল।
➡️২০০২ চনৰ ২৮ আগষ্টত অসমৰ ৰাজ্যপাল এছ কে সিনহা দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ ৰাজ্যপাল হিচাপে মনোনীত হৈছিল।
➡️ভাৰতত সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ১৯৭২ চনৰ ২৮ আগষ্টত।
➡️১৯০৪ চনৰ ২৮ আগষ্টত কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী হৈছিল।
➡️২০০৭ চনৰ ২৮ আগষ্টত ভাৰতীয় বিজ্ঞানীয়ে দাবী কৰিছিল যে লাডাখত পৰ্যাপ্ত পৰিমাণৰ ইউৰেনিয়াম সঞ্চিত হৈ আছে।
➡️বিজ্ঞানী উইলিয়াম হাৰ্ছেলে শনিৰ উপগ্ৰহ এনচেলাডুছ আৱিষ্কাৰ কৰিছিল ১৭৮৯ চনৰ ২৮ আগষ্টত।
➡️১৯৬৩ চনৰ ২৮ আগষ্টত ৱাশ্বিংটনে এক বিশাল সমাৱেশত মাৰ্টিন লুথাৰ কিঙ(জুনিয়ৰ)ৰ ‘আই হেভ এ ড্ৰীম’ শীৰ্ষক প্ৰসিদ্ধ বক্তৃতা প্ৰদান কৰিছিল।
➡️১৯৯০ চনৰ ২৮ আগষ্টত কুৱেইটক ইৰাকৰ ১৯ সংখ্যক প্ৰদেশ ৰূপে ঘোষণা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.