আজি ২৮ এপ্ৰিল

➡️আজিৰ দিনটো আফগানিস্তানৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৬৮৬ চনৰ এই দিনটোতে ছাৰ আইজাক নিউটনৰ প্ৰসিদ্ধ গ্ৰন্থ ‘প্ৰিন্সিপিয়া’ৰ প্ৰথম খণ্ড প্ৰকাশ পাইছিল।
➡️১৭৭০ চনৰ ২৮ এপ্ৰিল তাৰিখে ইংৰাজ নাৱিক তথা অভিযাত্ৰী জেমছ কুকুৰ প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াত পদাৰ্পণ।
➡️১৮৬৮ চনৰ ২৮ এপ্ৰিল তাৰিখে ফৰাচী সাহিত্যিক, চিত্ৰকৰ এমিলি বাৰ্নাৰ্ডৰ জন্ম হৈছিল।
➡️১৯২৪ চনৰ আজিৰ দিনটোতে জাম্বিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি কেনেথ ডেভিদ কাউণ্ডাৰ জন্ম হৈছিল।
➡️১৯৩৭ চনৰ এই দিনটোতে টাইগ্ৰিছ নদীৰ উপকূলৱৰ্তী চহৰ টিক্ৰিটৰ ওচৰৰ এখন গাঁৱত ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ জন্ম হৈছিল।
➡️১৯৪২ চনৰ ২৮ এপ্ৰিল তাৰিখে ইংলেণ্ডৰ ক্ৰিকেট খেলুৱৈ মাইক ব্ৰেইলীৰ জন্ম হৈছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে ইটালীয় পাৰ্টিজান নামৰ এক সংগঠনৰ সদস্যৰ গুলীত ইটালীৰ ফেচিবাদী একনায়ক বেনিটো মুছোলিনি আৰু তেওঁৰ পত্নীৰ মৃত্যু হৈছিল।
➡️১৯৬৮ চনৰ এই দিনটোতে জিম্বাবৱেৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ এণ্ডি ফ্লাৱাৰৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.