আজি ২ নৱেম্বৰ

▶️১০৯৫ চনৰ আজিৰ দিনটোতেই পোপ দ্বিতীয় আৰবানৰ পবিত্ৰ জেৰুজালেম উদ্ধাৰৰ বাবে ধৰ্মযুদ্ধৰ আহ্বান।
▶️১৫৩৪ চনৰ আজিৰ দিনটোতেই চতুৰ্থ শিখ গুৰু ৰামদাসৰ পঞ্জাৱৰ লাহোৰত জন্ম হৈছিল।
▶️১৭৭৪ চনৰ এই দিনটোতেই ভাৰতৰ ইংৰাজ শাসক ৰবাৰ্ট ক্লাইভৰ ইংলেণ্ডত আত্মহত্যা।
▶️১৯১৭ চনৰ এই দিনটোতেই ‘বালফোৰ ঘোষণা-পত্ৰ’ৰ জৰিয়তে ব্ৰিটেইনৰ পেলেষ্টাইনত ইহুদিসকলৰ বাবে এক জাতীয় গৃহভূমি প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান।
▶️১৯১৯ চনৰ এই দিনটোতেই আমেৰিকাৰ ৫ লাখ খনি শ্ৰমিকৰ ধৰ্মঘট।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই আইৰিছ নাট্যকাৰ আৰু সমালোচক জৰ্জ বাৰ্নাড শ্বৰ মৃত্যু।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই পাকিস্তান ইছলামিক গণতন্ত্ৰত পৰিনত।
▶️১৯৬৫ চনৰ এই দিনটোতেই চলচ্চিত্ৰ অভিনেতা শ্বাহৰুখ খানৰ জন্ম হৈছিল।
▶️১৯৭৬ চনৰ এই দিনটোতেই ভাৰতক এখন সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰি সংবিধানৰ ৪২ সংখ্যক সংশোধনী বিধেয়ক লোকসভাত অনুমোদিত।
▶️১৯৮৪ চনৰ এই দিনটোতেই ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিক্ৰিয়াত দেশত বিভিন্ন অঞ্চলত সংঘটিত সংঘৰ্ষত পাঁচ শতাধিকৰ প্ৰাণহানি।
▶️১৯৮৭ চনৰ এই দিনটোতেই কাঠমাণ্ডুত ‘ছাৰ্ক’ শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই বাবৰি মছজিদ আক্ৰমণ কৰিবলৈ গৈ নিৰাপত্তাৰক্ষীৰ গুলীত বহু কৰসেৱকৰ মৃত্যু।সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধৰ অৰ্থে উত্তৰ আৰু পশ্চিম ভাৰতৰ বহু অঞ্চলত সান্ধ্য আইন জাৰি।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই মধ্য আমেৰিকাত প্ৰচণ্ড ঘূৰ্ণিত প্ৰায় ১৩০০ লোকৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়দান।
▶️২০০২ চনৰ আজিৰ দিনটোতেই মুফটি মহম্মদ ছয়ীদ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ৰূপে অধিষ্ঠিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.