আজি ৩০ এপ্ৰিল

➡️১০৩০ চনৰ আজিৰ দিনটোতে আফগানিস্তানৰ গজনীৰ শাসক চুলতান মামুদৰ মৃত্যু হৈছিল। ককায়েক মহম্মদক অন্ধ কৰি মামুদৰ পুত্ৰ মাছুদৰ সিংহাসন দখল। চুলতান মামুদে ১০০০-১০২৬ চনৰ ভিতৰত কেইবাবাৰো ভাৰত আক্ৰমণ কৰে।
➡️১৭৮৯ চনৰ এই দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপে জৰ্জ ৱাশ্বিংটনৰ কাৰ্যভাৰ গ্ৰহণ।
➡️১৮৭০ চনৰ ৩০ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা দাদা চাহেব ফাল্কেৰ জন্ম হৈছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে প্ৰণয়িনী ইভা ব্ৰাউনক লৈ নিজ বাসগৃহৰ ভূগৰ্ভস্থ কোঠাত আডলফ হিটলাৰৰ আত্মহত্যা। উল্লেখ্য যে মৃত্যুৰ পূৰ্বে হিটলাৰে ইভা ব্ৰাউনক বিয়া কৰাইছিল।
➡️১৯৯৭ চনৰ এই দিনটোতে ইংলেণ্ডৰ প্ৰসিদ্ধ ঘড়ীস্তম্ভ ‘বিগ বেন’ দুপৰীয়া ১২.১১ বজাৰ পৰা ৫৪ মিনিটৰ বাবে বন্ধ কৰা হৈছিল। ১৮৫৯ চনৰ ১৩ মে’ৰ পৰা ঘড়ীটো চলি আছে।
➡️২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰে’লত ধূমপান নিষিদ্ধ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.