আজি ৩০ ছেপ্টেম্বৰ

▶️১৬৮৭ চনৰ আজিৰ দিনটোতেই সম্ৰাট ঔৰংগজেৱৰ হায়দৰাবাদৰ গোলকুন্দা দখল।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক ‘দ্য আছাম ট্ৰিবিউন’ৰ প্ৰকাশ। ১৯৩৯ চনৰ ৪ আগষ্টত কাকতখন প্ৰথমে ডিব্ৰুগড়ৰ পৰা সাদিনীয়া ৰূপে প্ৰকাশ পাইছিল।
▶️১৯৬৬ চনৰ এই দিনটোতেই ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিবেশ বেচুৱানালেণ্ডৰ স্বাধীনতা লাভ। নতুন নাম বোৎছোৱানা।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই ১৯৪৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ আৰু দক্ষিণ আফ্ৰিকাৰ সীমান্ত মুকলি কৰা হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী দেৱী লালৰ সংসদৰ পৰা পদত্যাগ।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই মহাৰাষ্ট্ৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰচণ্ড ভূমিকম্পত ৯,৭৪৮ লোকৰ মৃত্যু,আহত ১৫ সহস্ৰাধিক। লাটুৰ আৰু ওছমানাবাদ জিলাৰ ৪০ খনৰো অধিক গাঁও ধ্বংস।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰনাথ হাজৰিকাৰ দেহাৱসান।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই জাৰ্মান ঔপন্যাসিক গুন্টাৰ গ্ৰাছলৈ শতিকাৰ অন্তিম সাহিত্যৰ নোবেল বঁটা।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ভূ-পৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ‘আকাশ’ মিছাইলৰ সফল পৰীক্ষণ।।

You might also like
Leave A Reply

Your email address will not be published.