আজি ৩০ জুন

➡️আজিৰ দিনটো কংগোৰ জাতীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৫৫ চনৰ এই দিনটোতে ব্ৰিটিছৰ শাসন-শোষণৰ বিৰুদ্ধে ভাৰতত ঐতিহাসিক চাওতাল বিদ্ৰোহ আৰম্ভ হৈছিল। পুলিচৰ নিৰ্বিচাৰ গুলীত কেইবা হাজাৰো চাওতাল বিদ্ৰোহীৰ মৃত্যু হৈছিল।
➡️১৯১৭ চনৰ ৩০ জুন তাৰিখে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাতা দাদাভাই নৌৰজীৰ মৃত্যু হৈছিল। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত তেৱেঁই প্ৰথমবাৰৰ বাবে স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰিছিল।
➡️১৯২১ চনৰ আজিৰ দিনটোতে চীনত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হৈছিল।
➡️১৯২২ চনৰ এই দিনটোতে জোনাকী যুগৰ প্ৰগতিবাদী কবি অমূল্য বৰুৱাৰ জন্ম হৈছিল।
➡️১৯৬০ চনৰ ৩০ জুন তাৰিখে আফ্ৰিকাৰ দেশ জাইৰেৰ স্বাধীনতা লাভ।
➡️২০০০ চনৰ আজিৰ দিনটোতে কবি নীলমণি ফুকনক ভাৰতীয় ভাষা পৰিষদৰ বঁটা প্ৰদান কৰা হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.