➡️আজিৰ দিনটো ক্ৰোৱেচিয়াৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৪৩১ চনৰ এই দিনটোতে ফৰাচী দেশপ্ৰেমিক আৰু জাতীয় বীৰাংগনা জোৱান অব আৰ্কক ‘ডাইনী’ আখ্যা দি জীৱন্তে দাহ কৰা হৈছিল।
➡️১৭৪৪ চনৰ ৩০ মে’ তাৰিখে ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ মৃত্যু হৈছিল।
➡️১৭৭৮ চনৰ আজিৰ দিনটোতে ফৰাচী প্ৰবন্ধকাৰ, সাহিত্যিক, দাৰ্শনিক ভল্টেয়াৰৰ মৃত্যু হৈছিল।
➡️১৯২৬ চনৰ এই দিনটোতে মাৰ্কিন চিকিৎসক ক্ৰিষ্টিন জোৰগেনছেনৰ জন্ম হৈছিল। তেঁৱেই আমেৰিকাৰ প্ৰথম পুৰুষ,যি অস্ত্ৰোপচাৰৰ দ্বাৰা পিছত নাৰীলৈ ৰূপান্তৰিত হয়।
➡️১৯৬০ চনৰ ৩০ মে’ তাৰিখে ৰাছিয়াৰ কবি-সাহিত্যিক বৰিছ পাষ্টেৰনাকৰ মৃত্যু হৈছিল। ১৯৫৮ চনত পাষ্টেৰনাকলৈ সাহিত্যৰ নোবেল বঁটা যঁচা হয় যদিও তেওঁ প্ৰত্যাখ্যান কৰে।
➡️২০০২ চনৰ এই দিনটোতে জাপান আৰু দক্ষিণ কোৰিয়াত সপ্তদশ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। এছিয়াত অনুষ্ঠিত এই প্ৰথম বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠান হয় দক্ষিণ কোৰিয়াৰ ছিউলত। ১৯৯৮ চনৰ বিশ্বকাপ চেম্পিয়ন ফ্ৰান্স প্ৰথমখন খেলতে ছেনেগালৰ হাতত পৰাস্ত হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩০ মে’
Prev Post
Next Post
You might also like