আজি ৩১ ডিচেম্বৰ

➡️ইংৰাজী কেলেণ্ডাৰৰ অন্তিম দিন।
➡️১৫৯৯ পূব, দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ বিভিন্ন অঞ্চলত বেহা-বেপাৰ কৰাৰ উদ্দেশ্য়ে ইংলেণ্ডত যুটীয়া মূলধনৰ ব্য়ৱসায়িক কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন (২২ ছেপ্টেম্বৰ)। একে বছৰৰে ৩১ ডিচেম্বৰত ইংলেণ্ডৰ ৰাণীৰ কোম্পানীটোক উপৰিউক্ত অঞ্চলত ব্য়ৱসায় কৰাৰ একচেটিয়া অধিকাৰ প্ৰদান।
➡️১৯০৭ বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম।
➡️১৯২৯ স্বৰাজ, অৰ্থাৎ পূৰ্ণ স্বাধীনতাৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ লাহোৰত শপত গ্ৰহণ।
➡️১৯৮৪ ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধান মন্ত্ৰী।
➡️১৯৯০ পৃথিৱীৰ মন্থৰ বাবে ১৯৯০ চনৰ অন্তিমটো মিনিট ৬০-ৰ পৰিৱৰ্তে ৬১ ছেকেণ্ড হয়। অৰ্থাৎ, ১৯৯১ চন আৰম্ভ হয় এক ছেকেণ্ড পলমকৈ।
➡️১৯৯৭ প্ৰখ্য়াত কবি- সাহিত্য়িক নিলমনি ফুকনলৈ অসম উপত্য়কা সাহিত্য় বঁটা।
➡️১৯৯৮ মহিম বৰালৈ অসম উপত্য়কা সাহিত্য় বঁটা।
➡️২০০০ হীৰেন ভট্টাচাৰ্যলৈ অসম উপত্য়কা সাহিত্য় বঁটা।
➡️২০০২ বিশিষ্ট সাহিত্য়িক তথা সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়ালৈ অসম উপত্য়কা সাহিত্য় বঁটা ঘোষণা।
➡️২০০২ জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীলৈ আসোম ৰাজচ’ৰাৰ জয়মতী বঁটা ঘোযণা।
➡️২০০২ চিত্ৰশিল্পী শোভা ব্ৰহ্মলৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা।
➡️২০০৪ সাহিত্য়িক লক্ষ্মীনন্দন বৰালৈ অসম উপত্য়কা সাহিত্য় বঁটা।

You might also like
Leave A Reply

Your email address will not be published.