কানাডাৰ গেংষ্টাৰ লখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী বুলি ঘোষণা

গেংষ্টাৰ লখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী ঘোষণা কৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে

নেচনেল ডেস্ক:

কানাডাৰ গেংষ্টাৰ লখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী বুলি ঘোষণা। গেংষ্টাৰ লখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী ঘোষণা কৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে। তথ্য অনুসৰি ৩৩ বছৰীয়া গেংষ্টাৰটো খালিস্তানী গোট বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই)ৰ সক্ৰিয় সদস্য। ২০২১ চনত মোহালীৰ পঞ্জাৱ আৰক্ষী চোৰাংচোৱা মুখ্য কাৰ্যালয়ত ৰকেট আক্ৰমণৰ পৰিকল্পনাত জড়িত আছিল। ২০২২ চনৰ ডিচেম্বৰ মাহত টাৰ্ণ তাৰানৰ ছাৰহালী থানাত সংঘটিত হোৱা আৰ পি জি আক্ৰমণৰ সৈতেও নাম জড়িত আছে লাণ্ডাৰ। লগতে অন্যান্য সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতেও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সন্ত্ৰাসবাদীটোৰ বিৰুদ্ধে।

উলেখ্য যে, লখবীৰ সিং লাণ্ডাৰ ঘৰ পঞ্জাৱত যদিও বিগত কেইবছৰমানৰ পৰা কানাডাত বাস কৰি আহিছে। সূত্ৰ মতে, কানাডাৰ পৰায়ে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাত তেওঁ জড়িত হৈ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.