আজিৰ দিনটো মণ্টেনিগ্ৰোৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
১৬৫৭ চনৰ এই দিনটোতে ইংৰাজ চিকিৎসা-বিজ্ঞানী, ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম হাৰ্ভেৰ মৃত্যু হৈছিল।
১৯০১ চনৰ ৩ জুন তাৰিখে প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা মাৰাঠী কবি জি শংকৰ কুৰুপৰ জন্ম হৈছিল।
১৯১৫ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰনাথ ঠাকুৰক চৰকাৰৰ ‘নাইট’ উপাধি প্ৰদান।
১৯৬৪ চনৰ এই দিনটোতে ফিনলেণ্ডৰ নোবেল জয়ী সাহিত্যিক ফ্ৰানভছ ইমিল ছিলানপাৰ মৃত্যু হৈছিল। তেওঁ ১৯৩৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৭২ চনৰ ৩ জুন তাৰিখে তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতত নিৰ্মিত প্ৰথম আধুনিক ৰণতৰী ‘নীলগিৰি’ক ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা কৰিছিল।
১৯৭৯ চনৰ আজিৰ দিনটোতে সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মৃত্যু হৈছিল।
১৯৯৯ চনৰ এই দিনটোতে ভাৰতীয় বিমান বাহিনীৰ ফ্লাইট লেফটেনেণ্ট কে নছিকেতাক পাকিস্তানত মুক্তি।
২০০৫চনৰ ৩ জুন তাৰিখে বড়োলেণ্ডৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনাৰে বি টি এ ডিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন ১১ জনীয়া কাৰ্যবাহী পৰিষদ গঠন।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩ মে’
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like