আজি ৪ জুন

➡️আজিৰ দিনটো আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো টোংগাৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১০৩৯ চনৰ ৪ জুন তাৰিখে জাৰ্মানীৰ সম্ৰাট দ্বিতীয় কনৰাডৰ মৃত্যু হৈছিল।
➡️১৯২০ চনৰ আজিৰ দিনটোতে ‘অষ্ট্ৰিয়া আৰু হাংগেৰীৰ মাজত ‘ট্ৰিয়ানন চুক্তি’ শীৰ্ষত এক চুক্তি সম্পাদিত হৈছিল। পৰিণতিত হাংগেৰীৰ মাটিকালি পূৰ্বৰ এক চতুৰ্থাংশহে ৰয়গৈ।
➡️১৯৪২ চনৰ এই দিনটোতে প্ৰশান্ত মহাসাগৰৰ মিডৱে’ দ্বীপত মিত্ৰশক্তি (ফ্ৰান্স, ইংলেণ্ড আৰু ইংলেণ্ডৰ উপনিৱেশসমূহ) আৰু জাপানৰ মাজত নৌ-যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত মিত্ৰশক্তিয়ে জয়লাভ কৰে।
➡️১৯৫৫ চনৰ ৪ জুন তাৰিখে ভাৰত আৰু ৰাছিয়াৰ (ছোভিয়েট) মাজত পোনপোটীয়া টেলিফোন সংযোগ স্থাপন হৈছিল।
➡️১৯৭০ চনৰ আজিৰ দিনটোতে দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জ টোংগাৰ স্বাধীনতা লাভ।
➡️১৯৭৮ চনৰ এই দিনটোতে ‘আৱাহন’ৰ সম্পাদক দীননাথ শৰ্মাৰ মৃত্যু হৈছিল।
➡️১৯৮৯ চনৰ ৪ জুন তাৰিখে ইৰানৰ সৰ্বোচ্চ ধৰ্মগুৰু তথা ৰাজনৈতিক নেতা আয়াতুল্লা খোমেইনীৰ মৃত্যু হৈছিল।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ INSAT-2Dৰ চতুৰ্থ প্ৰজন্মৰ সফল উৎক্ষেপণ।
➡️১৯৯৯ চনৰ এই দিনটোতে ইলেকট্ৰনিক ভোটিং মেচিনৰ সহায়ত গোৱাত ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল। এনেদৰে ভোট গ্ৰহণৰ ব্যৱস্থা ভাৰতত এয়ে প্ৰথম।
➡️২০০১ চনৰ ৪ জুন তাৰিখে নেপালৰ ৰজা দীপেন্দ্ৰৰ ২৯ বছৰ বয়সত মৃত্যু হৈছিল। এওঁ মাত্ৰ তিনি দিনৰ বাবে ৰজা হৈছিল।
➡️২০০৩ চনৰ এই দিনটোতে ডমিনিকান সুন্দৰী এমেলিয়াৰ ২০০৩ বৰ্ষৰ মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন।।

You might also like
Leave A Reply

Your email address will not be published.