১৭৯২ চনৰ এই দিনটোতেই ইংৰাজ ৰোমান্টিক কবি শ্বেলীৰ জন্ম হৈছিল।
১৮৭৫ চনৰ আজিৰ দিনটোতেই ডেনমাৰ্কৰ কবি আৰু ৰূপকথাকাৰ হানছ এণ্ডাৰছনৰ মৃত্যু হৈছিল।
১৮৫৯ চনৰ এই দিনটোতেই নৰৱেৰ ঔপন্যাসিক ন্যুট পেডাৰছন হামছুনৰ জন্ম হৈছিল। তেওঁৰ প্ৰসিদ্ধ উপন্যাস ‘হাংগাৰ’।১৯২০ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯১৪ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা।প্ৰথম মহাসমৰ আৰম্ভ।
১৯২৯ চনৰ এই দিনটোতেই প্ৰখ্যাত কন্ঠশিল্পী কিশোৰ কুমাৰৰ জন্ম হৈছিল।
১৯৩৭ চনৰ আজিৰ দিনটোতেই জেনেৰেল ফ্ৰাংকোৰ নিজকে স্পেইনৰ প্ৰধানমন্ত্ৰী তথা সামৰিক বাহিনীৰ সৰ্বাধিনায়ক ৰূপে ঘোষণা।
১৯৩৯ চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড়ৰ পৰা ইংৰাজী সাপ্তাহিক ৰূপে ‘আছাম ট্ৰিবিউন’ৰ প্ৰকাশ। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।
১৯৬৫ চনৰ আজিৰ দিনটোতেই অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক অসম’ৰ প্ৰথম প্ৰকাশ। প্ৰথম সম্পাদক আছিল কীৰ্তিনাথ হাজৰিকা।
১৯৭২ চনৰ আজিৰ দিনটোতেই উগাণ্ডাৰ তদানীন্তন ৰাষ্ট্ৰপতি ইদি আমিনৰ ৪০ হেজাৰ এছীয় লোকক উগাণ্ডা ত্যাগৰ নিৰ্দেশ।
১৯০০ চনৰ আজিৰ দিনটোতেই ব্ৰিটেইনৰ ৰাণী মাতৃ এলিজাবেথৰ জন্ম হৈছিল।
১৯৬৭ চনৰ আজিৰ দিনটোতেই তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনতে সন্থাৰ নামটো আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে বৰ্তমান ব্যৱহৃত পতাকা,প্ৰতীক আৰু সংবিধান গ্ৰহণ কৰা হৈছিল। এই অধিবেশনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ ধাৰাটোৰ সূচনা হৈছিল।
১৯৯৭ চনৰ আজিৰ দিনটোতেই স্বেচ্ছাসেৱী অনুষ্ঠান ‘এভাৰ্ড এন ই’ৰ সচিব সঞ্জয় ঘোষৰ মৃত্যু ঘোষণা।সেই বছৰৰে ৪ জুলাইত তেওঁক অপহৰণ কৰা হৈছিল। দেশ-বিদেশত সঞ্জয় ঘোষ হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৪ জুলাই
Next Post
You might also like