আজি ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।
১১৫২ চনৰ ৪ মাৰ্চ তাৰিখে জাৰ্মানীত তৃতীয় কনৰাডৰ ভতিজাক প্ৰথম ফ্ৰেডেৰিকৰ সাম্ৰাজ্যাভিষেক। এওঁ জাৰ্মানীৰ একত্ৰীকৰণ কৰিছিল।
১৮৭৯ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰসিদ্ধ বেথুন কলেজ প্ৰতিষ্ঠা হৈছিল। ব্ৰিটেইনৰ বাহিৰত ব্ৰিটিছ সাম্ৰাজ্যৰ এইখনেই প্ৰথম মহিলা কলেজ।
১৮৯২ চনৰ এই দিনটোতে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল।
১৯৫১ চনৰ ৪ মাৰ্চ তাৰিখে নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হৈছিল। ১১খন দেশৰ ৪৮গৰাকী প্ৰতিযোগীয়ে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল।
২০০০ চনৰ আজিৰ দিনটোতে কবি অজিত বৰুৱাক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।
২০০৪ চনৰ ৪ মাৰ্চ তাৰিখে বিশিষ্ট সাহিত্যিক আৰু সমাজ সেৱিকা চিত্ৰলতা ফুকনক ২০০৩ চনৰ প্ৰবীণা শইকীয়া বঁটা প্ৰদান কৰা হৈছিল।
২০০৫ চনৰ এই দিনটোতে সোণোৱাল কছাৰী, দেউৰী জনগোষ্ঠীলৈ অসমৰ দহখন জিলা সামৰি স্বায়ত্ত শাসনৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰে অনুমোদন জনাইছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৪ মাৰ্চ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like