আজি ৬ অক্টোবৰ

▶️১৮৬০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় দণ্ডবিধি আইনত পৰিণত। ১৮৬২ চনৰ ১ জানুৱাৰীৰ পৰা ই কাৰ্য্যকৰী হয়।
▶️১৮৯২ চনৰ আজিৰ দিনটোতেই খ্যাতিসম্পন্ন ইংৰাজ কবি লৰ্ড আলফ্ৰেড টেনিছনৰ মৃত্যু ঘটিছিল।
▶️১৮৯৩ চনৰ এই দিনটোতেই খ্যাতিসম্পন্ন পদাৰ্থ বিজ্ঞানী মেঘনাদ সাহাৰ জন্ম হৈছিল।
▶️১৯১৪ চনৰ এই দিনটোতেই নৰৱেৰ পৰিব্ৰাজক থৰ হেয়াৰডেলৰ জন্ম হৈছিল। ‘কনটিকি অভিযান’ নামেৰে বিখ্যাত এক অভিযানত তেওঁ বালছা গছৰ কাঠৰ ভূঁৰত উঠি প্ৰশান্ত মহাসাগৰ পাৰ হৈ সমগ্ৰ বিশ্বক চমক খুৱাইছিল।
▶️১৯২৭ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰথম সবাক ছবি ‘দি জাজ ছিংগাৰ’ৰ আমেৰিকাত মুক্তি লাভ।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই অসমত পৰ্বতাৰোহণ বিদ্যাৰ বাটকটীয়া ৰোহিনী কুমাৰ ভূঞাৰ জন্ম হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই দিন-দুপৰতে দিল্লীৰ ৰাজপথৰ পৰা ৰোমানিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত লিভিউ বাদুক অপহৰণ। ভাৰতত বিদেশী কূটনীতিবিদক অপহৰণৰ ঘটনা এয়ে প্ৰথম।
▶️১৯৯৫ চনৰ এই দিনটোতেই অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক অগ্ৰদূত’ৰ প্ৰথম প্ৰকাশ। সম্পাদক আছিল কনকসেন ডেকা।২০০০ চনৰ আগষ্ট মাহৰ পৰা কাকতখন একে সময়তে যোৰহাটৰ পৰাও প্ৰকাশ হয়।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই আমেৰিকা আৰু ইংলেণ্ডৰ যুটীয়া প্ৰচেষ্টাত ‘কেছিনি’ নামৰ মহাকাশযান শণি অভিমুখে উৎক্ষেপণ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.