আজি ৬ জুন

➡️আজিৰ দিনটো ছুইডেনৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৫৯৬ চনৰ এই দিনটোতে শিখ গুৰু হৰগোবিন্দ সিঙৰ জন্ম হৈছিল।
➡️১৬৭৪ চনৰ ৬ জুন তাৰিখে স্বাধীন মাৰাঠা ৰাজ্যৰ ৰজা হিচাপে শিৱাজীৰ অভিষেক আৰু তেওঁৰ ‘ছত্ৰপতি’ উপাধি গ্ৰহণ।
➡️১৭৯৯ চনৰ আজিৰ দিনটোতে ৰুছ কবি-সাহিত্যিক আলেকজেণ্ডাৰ পুস্কিনৰ জন্ম হৈছিল।
➡️১৮২৯ চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম হৈছিল।
➡️১৮৭৫ চনৰ ৬ জুন তাৰিখে জাৰ্মানীৰ নোবেল জয়ী সাহিত্যিক টমাছ মানৰ জন্ম হৈছিল। তেওঁ ১৯২৯ চনত লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৪০ চনৰ আজিৰ দিনটোতে সংগীতশিল্পী ৰমেন বৰুৱাৰ জন্ম হৈছিল।
➡️১৯৪৬ চনৰ এই দিনটোতে জাৰ্মানীৰ নোবেল জয়ী সাহিত্যিক গেৰহাৰ্ট হাউপ্টমেনৰ মৃত্যু হৈছিল। তেওঁ ১৯১২ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৭৯ চনৰ ৬ জুন তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ অসম আন্দোলনৰ প্ৰথমটো কাৰ্যসূচী ঘোষণা কৰা হৈছিল। এই কাৰ্যসূচী আছিল ২৪ ঘণ্টীয়া অসম বন্ধ। অসম আন্দোলন আৰম্ভ।
➡️২০০৪ চনৰ আজিৰ দিনটোতে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰিগানৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.