আজিৰ দিনটো কোমোৰোছৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
১৫৩৫ চনৰ এই দিনটোতে ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু হৈছিল।
১৮৯৩ চনৰ ৬ জুলাই তাৰিখে ফৰাচী কথা-সাহিত্যিক গী ডি মোপাছাঁৰ মৃত্যু হৈছিল।
১৯০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাতা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল।
১৯২৬ চনৰ এই দিনটোতে সাহিত্যিক মহিম বৰাৰ জন্ম হৈছিল।
১৯৪৪ চনৰ ৬ জুলাই তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন।
১৯৪৬ চনৰ আজিৰ দিনটোতে ৪৩ সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ জন্ম হৈছিল।
১৯৬০ চনৰ এই দিনটোতে শিলগুৰি ৰে’ল ষ্টেচনত উন্মত্ত বাংলাভাষীৰ দ্বাৰা ৰে’ল কৰ্মচাৰী, সাহিত্যিক, সাংবাদিক সূৰ্য বৰাক হত্যা কৰা হৈছিল।
১৯৬২ চনৰ ৬ জুলাই তাৰিখে মাৰ্কিন লেখক উইলিয়াম ফকনাৰৰ মৃত্যু হৈছিল। ফকনাৰে ১৯৪৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
১৯৮৬ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী বাবু জগজীৱন ৰামৰ মৃত্যু হৈছিল।
২০০২ চনৰ এই দিনটোতে শিল্পপতি, ৰিলায়েন্স উদ্যোগৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ মৃত্যু হৈছিল।
২০০৬ চনৰ ৬ জুলাই তাৰিখে সুদীৰ্ঘ ৪৪ বছৰৰ মূৰত নাথু লা গিৰিপথ পুনৰ মুকলি কৰা হৈছিল।।