▶️১৮৯২ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ বিজ্ঞানী ছাৰ ডন উইলিয়াম এলককৰ ইংলেণ্ডৰ মানচেষ্টাৰত জন্ম হৈছিল। এলককেই বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিমানেৰে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
▶️১৯২৫ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰীয় কৰ্মী ইংৰাজ মহিলা মীৰা বেনৰ ভাৰতলৈ আগমন।
▶️১৯৪৩ চনৰ এই দিনটোতেই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰিত।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিস্কাৰ।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ছবি জগতৰ শক্তিশালী অভিনেতা সঞ্জীৱ কুমাৰৰ মৃত্যু হৈছিল। অভিনয় জীৱনত ১৩৫ খন ছবিত অভিনয় কৰি সঞ্জীৱ কুমাৰে ছবি জগতত এক অনন্য অভিলেখ গঢ়ি থৈ গৈছে।।