▶️১৫৫৬ চনৰ এই দিনটোতেই পাণীপথৰ দ্বিতীয় যুদ্ধ। আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু পৰাজিত আৰু নিহত হৈছিল।
▶️১৮৭৯ চনৰ এই দিনটোতেই স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ মৃত্যু হৈছিল।
▶️১৮৮৫ চনৰ আজিৰ দিনটোতেই বিশিষ্ট মাৰ্কিন দাৰ্শনিক তথা ইতিহাসবিদ উইল ডুৰান্টৰ জন্ম হৈছিল। ‘দা ষ্টৰী অব চিভিলাইজেচন’ তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজনন তাত্বিক জে বি এছ হলডেনৰ জন্ম হৈছিল।
▶️১৯১৪ চনৰ এই দিনটোতেই গ্ৰেট ব্ৰিটেইনৰ চাইপ্ৰাছ অধিকাৰ।
▶️১৯১৬ চনৰ আজিৰ দিনটোতেই পোলেণ্ডৰ স্বাধীনতা ঘোষণা।
▶️১৯২০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ৰেডক্ৰছ সন্থা গঠন।
▶️১৯৭৭ চনৰ এই দিনটোতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতৰ তদানীন্তন বৈদেশিক মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ হিন্দীত ভাষণ প্ৰদান।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই জনতা দলত বিভাজন হৈছিল। চন্দ্ৰশেখৰ দলত্যাগীসকলৰ নতুন নেতা নিৰ্বাচিত হৈছিল।
▶️১৯৯৫ চনৰ এই দিনটোতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইটঝাক ৰাবিনক হত্যা কৰা হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ মেলকম মাৰ্শ্বেলৰ ৪১ বছৰ বয়সত মৃত্যু হৈছিল। মাৰ্শ্বেলক টেষ্ট ক্ৰিকেটৰ সবাটোকৈ বেগী পেচ বলাৰ আখ্যা দিয়া হয়।দুই শতাধিক উইকেট দখল কৰোঁতা মাৰ্শ্বেল খেলৰ শেষৰ ফালৰ এজন দুৰ্ধৰ্ষ বেটছমেনো আছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই সাহিত্যাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰ নাথ গোস্বামীৰ মৃত্যু হৈছিল।
▶️২০১১ চনৰ আজিৰ দিনটোতেই মহাপ্ৰয়াণ ঘটিছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৫ নৱেম্বৰ
You're visiting the official website of NEBharat24. NEBharat24 is a digital media platform based Guwahati, Assam that brings you latest updates from the entire North Eastern region of India along with various news from National and International scenario.
Prev Post
Next Post
You might also like