আজি ঘানাৰ স্বাধীনতা দিৱস।
১৪৭৫ চনৰ ৬ মাৰ্চ তাৰিখে ইটালীৰ চিত্ৰশিল্পী, ভাস্কৰ মাইকেল এঞ্জেলোৰ জন্ম হৈছিল।
১৫০৮ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট হুমায়ুনৰ জন্ম হৈছিল।
১৫২১ চনৰ ৬ মাৰ্চ তাৰিখে ফাৰ্ডিনাণ্ড মেগেলানৰ ফিলিপাইন দ্বীপপুঞ্জৰ আৱিষ্কাৰ।
১৯১৫ চনৰ এই দিনটোতে বংগৰ শান্তি নিকেতনত মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম সাক্ষাৎ।
১৯৬১ চনৰ আজিৰ দিনটোতে ‘টাইমছ অব ইণ্ডিয়া’ কাকত গোষ্ঠীৰ উদ্যোগত ভাৰতৰ প্ৰথমখন অৰ্থনীতি বিষয়ক বাতৰি কাকত ‘দ্য ইকনমিক টাইমছ’ৰ প্ৰকাশ।
১৯৭১ চনৰ ৬ মাৰ্চ তাৰিখে সুনীল গাভাস্কাৰে প্ৰথম টেষ্ট খেলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।
১৯৭৩ চনৰ আজিৰ দিনটোতে বিশিষ্ট মাৰ্কিন লেখিকা পাৰ্ল এছ বাকৰ মৃত্যু হৈছিল।
১৯৯১ চনৰ ৬ মাৰ্চ তাৰিখে তদানীন্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ পদত্যাগ। ২১ জুনলৈকে অৱশ্যে তেওঁ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
২০০৫ চনৰ এই দিনটোতে প্ৰথমজন ভাৰতীয় ৰূপে ফৰ্মূলা ৱান ৰেচত নাৰায়ণ কাৰ্তিকেয়নৰ অন্তৰ্ভূক্তি।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৬ মাৰ্চ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like