আজি ৬ মাৰ্চ

▶️আজি ঘানাৰ স্বাধীনতা দিৱস।
▶️১৪৭৫ চনৰ আজিৰ দিনটোতেই ইটালীৰ চিত্ৰশিল্পী, ভাস্কৰ মাইকেল এঞ্জেলোৰ জন্ম হৈছিল।
▶️১৫০৮ চনৰ এই দিনটোতেই মোগল সম্ৰাট হুমায়ুনৰ জন্ম হৈছিল।
▶️১৫২১ চনৰ আজিৰ দিনটোতেই ফাৰ্ডিনাণ্ড মেগেলানৰ ফিলিপাইন দ্বীপপুঞ্জ আৱিষ্কাৰ।
▶️১৯১৫ চনৰ আজিৰ দিনটোতেই বংগৰ শান্তি নিকেতনত মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰথম সাক্ষাৎ।
▶️১৯৬১ চনৰ এই দিনটোতেই ‘টাইমছ অৱ ইণ্ডিয়া’ কাকত গোষ্ঠীৰ উদ্যোগত ভাৰতৰ প্ৰথমখন অৰ্থনীতি বিষয়ক বাতৰি কাকত ‘দ্য ইকনমিক টাইমছ’ৰ প্ৰকাশ।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই সুনীল মনোহৰ গাভাস্কাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলি টেষ্ট ক্ৰিকেটৰ যাত্ৰা আৰম্ভ কৰিছিল।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই বিশিষ্ট মাৰ্কিন লেখিকা এছ বাকৰ মৃত্যু ঘটিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই তেতিয়াৰ প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ পদত্যাগ। সেই বছৰৰে ২১ জুনলৈকে অৱশ্যে তেওঁ তত্বাৱধায়ক প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০৫ চনৰ এই দিনটোতেই প্ৰথমজন ভাৰতীয় ৰূপে ফৰ্মূলা ৱান ৰেচত নাৰায়ণ কাৰ্তিকেয়নৰ অন্তৰ্ভুক্তি।।

You might also like
Leave A Reply

Your email address will not be published.