উত্তৰ পূবলৈ আহি আছে এখন বিলাসী ৰে’ল!

 কি কি সুবিধা থাকিব ৰে'লখনত, পঢ়ক এই প্ৰতিবেদন!..

নিউজ ডেস্ক:

ত্তৰ পূৱৰ পৰ্যটন ক্ষেত্ৰলৈ আন এক সুখবৰ। চলিত মাহৰ ২১ তাৰিখে উত্তৰ-পূৰ্বাঞ্চলক সামৰি আৰম্ভ হ’ব এখন বিশেষ ৰে’লৰ যাত্ৰা। ২১ মাৰ্চত দিল্লীৰ চফদৰজং ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ দিনীয়া ৰে’লযাত্ৰাত অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট, কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, ডিমাপুৰ আৰু কোহিমাৰ লগতে মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীক সামৰি ল’ব ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ‘নৰ্থ ইষ্ট ডিস্কভাৰী:বিয়ণ্ড গুৱাহাটী’ নামৰ ৰে’লখনে৷

১৫ দিনৰ ৰে’লযাত্ৰাৰ প্ৰথমটো ষ্টপেজ হ’ব গুৱাহাটী৷ গুৱাহাটীত উপস্থিত হৈ পৰ্যটকসকলে কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ দৰ্শন কৰি ব্ৰহ্মপুত্ৰত সূৰ্যাস্তৰ মনোৰম দৃশ্য উপভোগ কৰাৰ পাছত ৰে’লখনৰ গন্তব্যস্থান হ’ব অৰুণাচল প্ৰদেশৰ নাহৰলগুন৷ নাহৰলগুনৰ পাচত ইটানগৰ অভিমুখে যাত্ৰা কৰিব বিশেষ ৰে’লখনে।

ইটানগৰৰ পৰা ক্ৰমে শিৱসাগৰ, যোৰহাট, কাজিৰঙা অভিমুখে ৰাওনা হ’ব বিশেষ ৰে’লখন। পৰ্যটকসকলে কাজিৰঙাত এটা দিন কটোৱাৰ অন্তত ডিলাক্স এচি টুৰিষ্ট ৰে’লখনে ফৰকাটিং ৰে’ল ষ্টেচন হৈ ত্ৰিপুৰা অভিমুখে ৰাওনা হ’ব। পৰ্যটকসকলে ত্ৰিপুৰাৰ বিভিন্ন পৰ্যটনস্থলীসমূহ দৰ্শন কৰাৰ পাছতে নাগালেণ্ড ভ্ৰমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হ’ব ডিলাক্স এচি টুৰিষ্ট ‘নৰ্থ ইষ্ট ডিস্কভাৰী:বিয়ণ্ড গুৱাহাটী’। সমগ্ৰ যাত্ৰাৰ সময়চোৱাত পৰ্যটকসকলে প্ৰায় ৫৮০০ কিলোমিটাৰ পথ ভ্ৰমণ কৰিব।

 

উল্লেখ্য যে, অত্যাধুনিক ডিলাক্স এচি টুৰিষ্ট ৰে’লখনত দুখন ডাইনিং ৰেষ্টুৰেণ্ট, এটা পাকঘৰ, দবাত শ্বাৱাৰ কিউবিকল, চেঞ্চৰযুক্ত ৱাছৰুম ফাংচনৰ লগতে ফুট মাচাজাৰ, এটা সৰু পুথিভঁৰালকে ধৰি উপলব্ধ হ’ব আন বহু বিলাসী সা-সুবিধা।।

You might also like
Leave A Reply

Your email address will not be published.