আজি ৭ ছেপ্টেম্বৰ

➡১৫৩৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হৈছিল।
➡১৯০৭ চনৰ ৭ ছেপ্টেম্বৰত সাহিত্যত প্ৰথম ন’বেল বঁটা বিজয়ী ছালী প্ৰুধোমৰ মৃত্যু হৈছিল।
➡ফৰাচী ঔপন্যাসিক, নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ জন্ম হৈছিল ১৯১৩ চনৰ ৭ ছেপ্টেম্বৰত।
➡১৯১৫ চনৰ আজিৰ দিনটোতে সাহিত্যিক মহেশ্বৰ নেওগৰ জন্ম হৈছিল ।
➡১৯৩১ চনৰ ৭ ছেপ্টেম্বৰত লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হৈছিল । মহাত্মা গান্ধীয়ে এই মেজমেলত যোগদান কৰিছিল। মেজমেল ১ ডিচেম্বৰলৈকে চলিছিল যদিও ই ব্যৰ্থ হৈছিল।
➡তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হৈছিল ১৯৫৬ চনৰ ৭ ছেপ্টেম্বৰত।
➡১৯৬২ চনৰ আজিৰ দিনটোতে বিষ্ণু সহায়ে অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । ১৯৬৮ চনৰ ১৬ এপ্ৰিললৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡১৯৮৮ চনৰ ৭ ছেপ্টেম্বৰত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল ।
➡২০০১ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ উজ্জয়িনীৰ বিক্ৰম বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল।
➡ইউ এছ অ’পেনৰ মহিলাৰ ছিংগলছত জাষ্টিন হেনিন হাৰ্ডেনে খিতাপ অৰ্জন কৰিছিল ২০০৩ চনৰ ৭ ছেপ্টেম্বৰত।।

You might also like
Leave A Reply

Your email address will not be published.