দিল্লীত ৩২৫ কেজি ড্ৰাগছসহ দুজন আফগান নাগৰিকক গ্ৰেপ্তাৰ। তেওঁলোকৰ পৰা ৩১২.৫ কিলোগ্ৰাম মেথাম্ফেটামিন আৰু ১০ কিলোগ্ৰাম হেৰোইন জব্দ কৰে দিল্লী আৰক্ষীয়ে।আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ১২০০ কোটি টকা বুলি জানিব পৰা গৈছে। দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে দুয়োজন আফগান নাগৰিকক ক্ৰমে মুস্তাফা আৰু ৰাহমুল্লা বুলি চিনাক্ত কৰা হৈছে।এইটো দিল্লীৰ ইতিহাসত ধৰা পৰা মেথাম্ফেটামিন আৰু হেৰোইন জব্দৰ সৰ্ববৃহত্‍ ঘটনা । আৰক্ষীয়ে জনোৱা মতে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ চেন্নাই, লক্ষ্ণৌ আৰু তাৰ পিছত দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.