অৱসৰ ঘোষণা বিষ্ফোৰক বেটছমেন সুৰেশ ৰাইনাৰ!

স্প’ৰ্টছ ডেস্ক:

ক্ৰিকেটৰ ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা বিষ্ফোৰক বেটছমেন সুৰেশ ৰাইনাৰ। ৰাইনাই উত্তৰ প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন (ইউপিচিএ) আৰু ব’ৰ্ড অৱ কণ্ট্ৰ’ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)ক নিজৰ সিদ্ধান্ত অৱগত কৰিছে । ২০৫ খন মেচত ৫,৫২৮ ৰান সংগ্ৰহ কৰি আই পি এলৰ কিংবদন্তি হিচাপে পৰিগণিত হৈছে ৰাইনা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাইনাই ২২৬খন এদিনীয়া খেলত ৫,৬১৫ ৰান সংগ্ৰহ কৰি ৫টা শতক আৰু ৩৬টা অৰ্ধশতক অৰ্জন কৰিছে। আনহাতে, ১৮ খন টেষ্ট মেচত ৭৬৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৭৮ খন টি-২০ ইণ্টাৰনেশ্যনেল খেলত এটা শতক আৰু পাঁচটা অৰ্ধশতকৰে ১,৬০৫ ৰান সংগ্ৰহ কৰিছে। বাওঁহতীয়া খেলুৱৈগৰাকীয়ে এই যাত্ৰাত সহায় কৰাৰ বাবে বিচিচিআই আৰু ইউপিচিএক ধন্যবাদ জ্ঞাপন কৰে।।

You might also like
Leave A Reply

Your email address will not be published.