আজি ৭ মাৰ্চ

➡️১৯১১ চনৰ ৭ মাৰ্চ তাৰিখে প্ৰসিদ্ধ হিন্দী কবি-সাংবাদিক সচ্চিদানন্দ এইচ ৱাৎসায়নৰ জন্ম হৈছিল। ৱাৎসায়নে ১৯৭৮ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল।
➡️১৯৩৮ চনৰ এই দিনটোতে বিশিষ্ট মাৰ্কিন জীৱ বিজ্ঞানী ডেভিদ বাল্টিমোৰৰ জন্ম হৈছিল। ১৯৭৫ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৪ চনৰ ৭ মাৰ্চ তাৰিখে প্ৰসিদ্ধ জাৰ্মান বিজ্ঞানী অটো পল হেৰমান ডিলছৰ মৃত্যু হৈছিল। ১৯৫০ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা গোবিন্দ বল্লভ পন্তৰ মৃত্যু হৈছিল।
➡️১৯৮৭ চনৰ ৭ মাৰ্চ তাৰিখে সুনীল গাভাস্কাৰ টেষ্ট ক্ৰিকেটত ১০,০০০ ৰান কৰা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত হৈছিল।
➡️২০০৫ চনৰ এই দিনটোতে ৱেষ্ট বেংক পেলেষ্টাইনক এৰি দিয়াৰ কথা ঘোষণা কৰিছিল ইজৰাইলে।।

You might also like
Leave A Reply

Your email address will not be published.