আজি ৮ ছেপ্তেম্বৰ

➡️আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস।
➡️১৫০৪ চনৰ ৮ ছেপ্তেম্বৰত মাইকেল এঞ্জেলোৰ প্ৰসিদ্ধ শিল্পকৃতি ‘ডেভিদ’ক ফ্লোৰেন্সৰ এটা গিৰ্জাত স্থাপন কৰা হৈছিল।
➡️প্ৰসিদ্ধ ফৰাচী কবি ফ্ৰেডেৰিক মিস্ত্ৰালৰ জন্ম হৈছিল ১৮৩০ চনৰ আজিৰ দিনটোতে। ১৯০৪ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।
➡️১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম হৈছিল।
➡️১৯৩৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ শিল্পী আশা ভোঁছলেৰ জন্ম হৈছিল।
➡️১৯৪৩ চনৰ ৮ ছেপ্তেম্বৰত মিত্ৰশক্তিৰ ওচৰত ইটালীয়ে নিঃচৰ্ত আত্মসমৰ্পণ কৰিছিল।
➡️ জেনেভাত ভাৰতসহ ৩৫ খন দেশৰ কপিৰাইট সন্মিলন অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ৮ ছেপ্তেম্বৰত।
➡️১৯৬০ চনৰ আজিৰ দিনটোতে বিশিষ্ট অৰ্থনীতিবিদ তথা সাংসদ ফিৰোজ গান্ধীৰ মৃত্যু হৈছিল।
➡️১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূৱ আৰু উত্তৰ সীমান্তত চীনে আক্ৰমণ কৰিছিল ।
➡️মমতা বেনাৰ্জী আৰু জি এন ৰামচন্দ্ৰণৰ অন্তৰ্ভূক্তিৰে বাজপেয়ী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল ২০০৩ চনৰ ৮ ছেপ্তেম্বৰত ।।

 

You might also like
Leave A Reply

Your email address will not be published.