১৮৩২ চনৰ ৮ ডিচেম্বৰ তাৰিখে নৰৱেৰ সাহিত্যিক, ৰাজনীতিবিদ বৰ্নষ্টায়াৰনে মাৰ্টিনাছ বৰ্নছনৰ জন্ম হৈছিল। ১৯০৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৮৭৯ চনৰ আজিৰ দিনটোতে বংগৰ বিপ্লৱী নেতা যতীন্দ্ৰ নাথ মুখোপাধ্যায়ৰ ( বাঘা যতীন্দ্ৰ নামে প্ৰখ্যাত) জন্ম হৈছিল।
১৯০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ যশস্বী নৃত্যশিল্পী উদয় শংকৰৰ জন্ম হৈছিল।
১৯৪১ চনৰ ৮ ডিচেম্বৰ তাৰিখে পাৰ্ল হাৰ্বাৰ আক্ৰমণত ক্ৰুদ্ধ হৈ জাপানৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰিছিল। এইদৰে দ্বিতীয় মহাসমৰত আমেৰিকা জড়িত হৈ পৰিছিল।
১৯৪৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান ৰচনাৰ উদ্দেশ্যে দিল্লীৰ কনষ্টিটিউচন হলত প্ৰথম সভা অনুষ্ঠিত হৈছিল।
১৯৯১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত ত্ৰিদেশীয় ক্ৰিকেট শৃংখলাৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি ৰবি শাস্ত্ৰীয়ে ১৫ ৰানত ৫টা উইকেট লাভ কৰিছিল। ই এক বিশ্ব ৰেকৰ্ড। খেলখনত অষ্ট্ৰেলিয়া ১০৭ ৰানত পৰাস্ত হয়।
১৯৯২ চনৰ ৮ ডিচেম্বৰ তাৰিখে বাবৰি মছজিদ ধ্বংসৰ বিশ্বব্যাপী প্ৰতিবাদ, দেশজুৰি বন্ধ পালন।
১৯৮৯ চনৰ আজিৰ দিনটোতে পাঁচজন সন্ত্ৰাসবাদীৰ মুক্তিৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰী মুফতি মহম্মদ ছয়ীদৰ কন্যা ডাঃ ৰুবিয়া ছয়ীদক কাশ্মীৰৰ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰছিল। ১২২ ঘন্টাৰ পিছত চৰ্ত সাপেক্ষে ৰুবিয়াই মুক্তি লাভ কৰে।
২০০২ চনৰ ৮ ডিচেম্বৰ তাৰিখে বীৰাপ্পনৰ দ্বাৰা অপহৃত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী নাগাপ্পাৰ মৃতদেহ উদ্ধাৰ হৈছিল।
২০০২ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন এথলীট তথা অসমৰ ক্ৰীড়া জগতৰ এক উজ্জ্বল তাৰকা জুনুমণি শইকীয়াৰ মৃত্যু হৈছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Next Post
You might also like